আগৰতলা, ১ আগষ্ট : অসম আৰু মিজোৰামৰ সৈতে আন্তঃৰাজ্যিক সীমান্তৰ ত্ৰিপুৰাৰ উত্তৰ জিলাত অৱস্থিত ধৰ্মনগৰৰ দুই স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Tripura Police continues anti-drug campaign) । অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । লগতে আটক কৰে ৰাজ্যখনৰ দুই স্থানৰ পৰা চাৰিজনকৈ লোকক(4 arrested in Tripura with drugs) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱাৰভাগত ধৰ্মনগৰ ৰে'ল ষ্টেচনৰ সমীপত নিয়মীয়া তালাচীৰ সময়ত ধৰ্মনগৰৰ উপ-বিভাগীয় আৰক্ষী বিষয়া সৌম্য দেব্বাৰ্মা আৰু ধৰ্মনগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিবু পাদা দে’সহ আন কেইবাজনো আৰক্ষীয়ে দুজন লোকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে । আৰক্ষীক দেখি তেওঁলোকে পলায়নৰ চেষ্টা চলাওতেই আটক কৰে দুয়োজন ব্যক্তিক ।
আটকাধীন ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ফেঞ্চিদাইলৰ ৩০০ টা কন্টেইনাৰ । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বক্সনগৰৰ কেশৱ চন্দ্ৰ দাস আৰু মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
আনহাতে ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ বিশলগড় উপ-সংমণ্ডলৰ আৰক্ষীয়ে এখন যাত্ৰীবাহী অটোত তালাচী চলাই আৰক্ষীয়ে । আৰক্ষী অহাৰ উমান পাই অটোখনৰ পৰা পলায়ন কৰা দুজনকৈ ব্যক্তিক আৰক্ষীয়ে খেদি খেদি টংগীবাৰী গাঁৱৰ সমীপত আটক কৰে । ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬৬ কিলোগ্ৰাম শুকান গাঞ্জা । আটকাধীন লোক দুজন ক্ৰমে মোহনপুৰৰ দীপক নামা বিহাৰৰ গনেশ শৰ্মা । পৰৱৰ্তী সময়ত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ধৃত আটাইৰে বিৰুদ্ধে ইতিমধ্যে NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আদালতলৈ প্ৰেৰণ কৰাৰো দিহা কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: Several pilgrims died in cooch behar: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকীও তীৰ্থযাত্ৰী