ETV Bharat / bharat

Selfie accident in Haryana: হাৰিয়ানাৰ কোটলা হ্ৰদত চেলফি লোৱাৰ সময়তে নাৱৰ পৰা পৰি চাৰিজনৰ মৃত্যু

author img

By

Published : Mar 22, 2023, 1:01 PM IST

হাৰিয়ানাৰ কোটলা হ্ৰদৰ মাজত ফুৰিবলৈ যোৱা বন্ধুৰ এটা দলে নাৱতেই চেলফি তুলিবলৈ প’জ দিছিল । ঠিক তেনেকুৱাতে আটাইকেইজনেই ভাৰসাম্য হেৰুৱাই পানীত বাগৰি পৰে (boat sinking in Nuh Kotla lake) । ইয়াৰে চাৰিজন পানীত ডুব যোৱাৰ বিপৰীতে এজনক উদ্ধাৰ কৰা হৈছে ।

Haryana's Kotla lake
নাঁৱৰ পৰা বাগৰি পৰি চাৰিজনৰ মৃত্যু

নিউজ ডেস্ক, 22 মাৰ্চ : হাৰিয়ানাৰ নুহ জিলাৰ কোটলা হ্ৰদত সংঘটিত হৈছে এক দুৰ্ঘটনা, য’ত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱায় ৷ মঙলবাৰে হ্ৰদৰ মাজত নাও উলটি যোৱাত দুজন নাবালককে ধৰি চাৰিজন লোক পানীত উটি যোৱাৰ ফলত মৃত্যু ঘটে তেওঁলোকৰ (boat sinking in Nuh Kotla lake)। আৰক্ষীৰ তথ্য অনুসৰি বিয়লি ৩ বজাত হ্ৰদটোত নাও চলাই গৈছিল ৫ জন লোকে । হ্ৰদৰ মাজত চেলফি লোৱাৰ সময়তে তেওঁলোকৰ নাওখন বাগৰি পৰে (Selfie accident in Haryana)। চাৰিজন পানীত উটি যোৱাৰ বিপৰীতে পঞ্চমজনক উদ্ধাৰ কৰে স্থানীয় গাঁওবাসীয়ে ।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা চাৰিজন হৈছে আকেদা গাঁৱৰ বাসিন্দা মুস্তাক (২৩), ছাকিব (১৭), চাহিল (১২) আৰু চিংগলেহেৰী গাঁৱৰ বাসিন্দা নাজাকাট (২১) । পঞ্চম যুৱকজন আকেদা গাঁৱৰ বাসিন্দা জান মহম্মদ (১৬) বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে স্থানীয় গাঁওবাসী বিলৰ পাৰত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । যুৱককেইজনক তেওঁলোকে বিলৰ পৰা উলিয়াই আনিছিল (Four friends died to boat sinking in Kotla) । অৱশ্যে তেতিয়ালৈকে চাৰিজনৰ মৃত্যু হৈছিল । আটাইকেইজনকে ততাতৈয়াকৈ নলহাদৰ শ্বহীদ হাছান খান মেৱতী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

স্থানীয় গাঁওবাসীৰ লগতে আৰক্ষীও ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় । নুহৰ আৰক্ষী অধীক্ষক বৰুণ চিংলাই কয় যে যুৱককেইজনে অনুমতি নোলোৱাকৈয়ে নাওখন হ্ৰদৰ মাজলৈ লৈ গৈছিল । নাওখন গাঁৱৰ এজন লোকৰ বুলি জানিবলৈ দি তেওঁ কয় যে মৃতদেহকেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈতৰ্না জেটীত এগৰাকী ২৪ বছৰীয়া মহিলা আৰু এগৰাকী কিশোৰীয়ে চেলফি লোৱাৰ সময়ত পানীত ডুব গৈছিল । আৰক্ষীয়ে জনোৱা মতে, চেলফি ক্লিক কৰি থকাৰ সময়তে নাওখনত থকা চাৰিওজনে ভাৰসাম্য হেৰুৱাইছিল ।

লগতে পঢ়ক : Man elephant conflict: কলিয়াবৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.