ETV Bharat / bharat

চেতনা ঘূৰাই পাইছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই

শেহতীয়াকৈ পোৱা তথ্য অনুযায়ী বৰ্তমানেও বিপদমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ তথাপিও বুধবাৰে নিশা চেতনা ঘূৰাই পায় বুদ্ধদেৱ ভট্টাচাৰ্যই ৷ তেওঁৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহিছে ৷

author img

By

Published : Dec 10, 2020, 2:11 PM IST

বুদ্ধদেৱ ভট্টাচাৰ্য
বুদ্ধদেৱ ভট্টাচাৰ্য

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ: বুধবাৰে নিশা চেতনা ঘূৰাই পায় বুদ্ধদেৱ ভট্টাচাৰ্যই ৷ তেওঁৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহিছে ৷ সম্প্ৰতি ভেণ্টিলেটৰৰ সমৰ্থন হ্ৰাস কৰি দিয়া হৈছে ৷ তথাপিও শেহতীয়াকৈ পোৱা তথ্য অনুযায়ী বৰ্তমানেও বিপদমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷

বৃহস্পতিবাৰে পুৱা 10 বজাত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ কৰে আৰু গম পায়:

1. আজিৰ বাবে ৰোগীক যান্ত্ৰিক ভেণ্টিলেটৰত ৰখা হ'ব আৰু পৰ্যায়ক্ৰমে ভেণ্টিলেটৰৰ সমৰ্থন হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

2. পৰীক্ষাৰ বাবে পুৱা ছেডেশ্যন বন্ধ কৰি দিয়া হৈছিল আৰু ৰোগীৰ চেন্স'ৰিয়ামৰ মূল্যায়ণ কৰা হৈছিল যিটো পূৰ্বতকৈ উন্নত অৱস্থালৈ ঘূৰি আহিছে ৷

3. তেজ পৰীক্ষা আৰু ইমেজিংসহ প্ৰাৰম্ভিক পৰীক্ষাত কোনো ধৰণৰ গুৰুতৰ অস্বাভাৱিকতা দেখিবলৈ পোৱা নাই ৷

4. বৰ্তমান তেজত কাৰ্বন ডাই অক্সাইড আৰু অক্সিডেনৰ পৰিমাণো পূৰ্বতকৈ উন্নত হৈছে ৷

5. তেওঁৰ ধ্বমনি, ৰক্তচাপ আৰু অক্সিজেনৰ সন্তোলনো সম্প্ৰতি স্বাভাৱিক অৱস্থাত আছে ৷

6. তেওঁৰ কাৰ্ডিয়েক স্থিতিও সম্প্ৰতি স্বাভাৱিক ৷

7. তেওঁৰ পৰ্যাপ্ত পুষ্টি আৰু অন্যান্য দিশসমূহৰো যত্ন ৰখা হৈছে ৷

8. চিকিৎসকসকলে তেওঁৰ সাম্প্ৰতিক পৰিস্থিতি নিয়মিত ৰূপত নজৰত ৰাখিছে আৰু সময়ে সময়ে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বুদ্ধদেৱ ভট্টাচাৰ্য COPD (Chronic Obstructive Pulmonary Disease)ত আক্ৰান্ত হৈছে ৷ এই সমস্যাৰ বাবে বিগত বছৰৰ চেপ্তেম্বৰত তেওঁক দক্ষিণ কলকাতাৰ আলিপুৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু তাৰ পাচতো তেওঁ সময়ে সময়ে অসুস্থ হৈ পৰিছিল ৷ বাসগৃহতে চলিছিল তেওঁৰ চিকিৎসা ৷ বুধবাৰেও 76 বছৰীয়া নেতাগৰাকীৰ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছিল ৷ অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই 70 লৈ নামিছিল বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভুগিছিল তেওঁ ৷ এনে হোৱাৰ পাচতে তৎকালীনভাৱে তেওঁক আলিপুৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক: কলকাতাত BSF আৰু BGBৰ মাজত উচ্চস্তৰীয় বৈঠক আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.