ETV Bharat / bharat

তৃণমূল কংগ্ৰেছত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাৰ - যশৱন্ত সিন্হাৰ তৃণমূল কংগ্ৰেছত যোগদান

শনিবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাই ৷ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অটল বিহাৰী বাজপেয়ীৰ সময়ৰ চৰকাৰৰ মাজত নীতিগত পাৰ্থক্য থকা বুলি মন্তব্য প্ৰাক্তন নেতা গৰাকীৰ ৷

Former Union Minister Yashwant Sinha joins TMC
তৃণমূল কংগ্ৰেছত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাৰ
author img

By

Published : Mar 13, 2021, 2:19 PM IST

নিউজ ডেস্ক, 13 মাৰ্চ: তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাই ৷ শনিবাৰে সুব্ৰত মুখাৰ্জী, ডেৰেক অ’ব্ৰেইন আৰু সুদ্বীপ বেনাৰ্জীৰ উপস্থিতিত দলটোত যোগদান কৰে সিন্হাই ৷

তেওঁ কয় যে, ‘বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অটল বিহাৰী বাজপেয়ীৰ সময়ৰ চৰকাৰৰ মাজত বহু পাৰ্থক্য আছে ৷ যি ধৰণে প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰী অমিত শ্বাহে দেশখন শাসন কৰিব বিচাৰিছে সেয়া দেশৰ জনসাধাৰণে কেতিয়াও গ্ৰহণ নকৰে ৷ ইয়াৰ আৰম্ভণি পশ্চিম বংগৰ নিৰ্বাচনৰ পৰাই হ’ব ৷’

তৃণমূল কংগ্ৰছত যোগদান কৰিয়েই নিৰ্বাচন আয়োগকো আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ তেখেতে অভিযোগ উত্থাপন কৰি কয় , নিৰ্বাচন আয়োগ বৰ্তমান স্বাতন্ত্ৰ সংস্থা হৈ থকা নাই ৷ ই কেন্দ্ৰৰ হাতৰ পুতলাত পৰিণত হৈছে ৷ নিৰ্বাচনী আচৰণ বিধিৰ নামত নিৰ্বাচন আয়োগে শাসন চলাই থকা বুলিও অভিযোগ উত্থাপন কৰে যশৱন্ত সিন্হাই ৷

লগতে পঢ়ক-বৰ শক্তিশালী নহলেও ওৱেইচি-দিনাকৰণ জোঁটৰ আছে সম্ভাৱনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.