নেশ্যনেল ডেস্ক, 18 জুলাই: প্ৰবীণ কংগ্ৰেছ নেতা তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ মৃত্যু ৷ বিগত কেইমাহমান ধৰি বেংগালুৰুৰ ‘চিন্ময়া মিছন হাস্পতালত’ চিকিৎসাধীন হৈ আছিল ওমেন চাণ্ডী ৷ ৭৯ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীৰ ৷ কেৰালা কংগ্ৰেছৰ সভাপতি কে সুধাকৰণে এক টুইটযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগৰ কথা উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰিছে ৷
-
"Former Kerala CM and senior Congress leader Oommen Chandy passes away", tweets Kerala Congress President K Sudhakaran pic.twitter.com/QAR7EfaUnI
— ANI (@ANI) July 18, 2023 " class="align-text-top noRightClick twitterSection" data="
">"Former Kerala CM and senior Congress leader Oommen Chandy passes away", tweets Kerala Congress President K Sudhakaran pic.twitter.com/QAR7EfaUnI
— ANI (@ANI) July 18, 2023"Former Kerala CM and senior Congress leader Oommen Chandy passes away", tweets Kerala Congress President K Sudhakaran pic.twitter.com/QAR7EfaUnI
— ANI (@ANI) July 18, 2023
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৱে এতিয়া কেৰালাবাসীৰ লগতে কংগ্ৰেছ দলকো শোকস্তব্ধ কৰি তুলিছে ৷ উল্লেখ্য যে ওমেন চাণ্ডীয়ে 2004-06 আৰু 2011-16 বৰ্ষত দুবাৰকৈ কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰবীণ কংগ্ৰেছ নেতাজনে 1970 চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত 27 বছৰ বয়সত জয়লাভ কৰি বিধায়ক হিচাবে কাৰ্যকাল আৰম্ভ কৰিছিল । পিচত তেওঁ তেতিয়াৰ পৰা একেৰাহে 11 টা নিৰ্বাচনত জয়লাভ কৰিছিল । ওমেন চাণ্ডীয়ে যোৱা পাঁচটা দশক কেৱল তেওঁৰ গৃহ সমষ্টি পুথুপ্পল্লীক প্ৰতিনিধিত্ব কৰিছিল ।
2022 চনত তেওঁ পুথুপল্লীক প্ৰতিনিধিত্ব কৰি 18,728 দিনৰ বাবে ৰাজ্যিক বিধানসভাৰ আটাইতকৈ দীঘলীয়া সময়ৰ সদস্য হয় । তেওঁ কেৰালা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত কে এম মণিৰ অভিলেখ ভংগ কৰিছিল । উল্লেখ্য যে ওমেন চাণ্ডীয়ে কেইবাখনো মন্ত্ৰীসভাত চাৰিবাৰৰ বাবে বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাবে চাৰিবাৰ কাৰ্যনিৰ্বাহ কৰিছিল ৷
-
Extremely sad to bid farewell to our most beloved leader and former CM Shri. Oommen Chandy. One of the most popular and dynamic leaders of Kerala, Chandy sir was loved across generations and sections of the population. The Congress family will miss his leadership and energy. pic.twitter.com/YaeywDOKwd
— Congress Kerala (@INCKerala) July 18, 2023 " class="align-text-top noRightClick twitterSection" data="
">Extremely sad to bid farewell to our most beloved leader and former CM Shri. Oommen Chandy. One of the most popular and dynamic leaders of Kerala, Chandy sir was loved across generations and sections of the population. The Congress family will miss his leadership and energy. pic.twitter.com/YaeywDOKwd
— Congress Kerala (@INCKerala) July 18, 2023Extremely sad to bid farewell to our most beloved leader and former CM Shri. Oommen Chandy. One of the most popular and dynamic leaders of Kerala, Chandy sir was loved across generations and sections of the population. The Congress family will miss his leadership and energy. pic.twitter.com/YaeywDOKwd
— Congress Kerala (@INCKerala) July 18, 2023
কেৰালা কংগ্ৰেছক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰা নেতগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কেৰালা কংগ্ৰেছে টুইটযোগে কয়, ‘‘আমাৰ আটাইতকৈ প্ৰিয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিদায় দি অত্যন্ত দুখিত । ওমেন চাণ্ডী কেৰালাৰ অন্যতম জনপ্ৰিয় আৰু এজন বহুমুখী নেতা আছিল ৷ কংগ্ৰেছৰ পৰিয়ালে তেওঁৰ নেতৃত্বক স্মৰণ কৰিব ৷’’
লগতে পঢ়ক: West Bengal Panchayat Election Violence: অসমত আশ্ৰয় পশ্চিম বংগৰ বিজেপি প্ৰতিনিধিৰ