ETV Bharat / bharat

দ্ৰৌপদী মুৰ্মূ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

বিজেপিয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ৷ দ্ৰৌপদী মুৰ্মূ হ’ব এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী (NDA presidential candidate) ৷

author img

By

Published : Jun 21, 2022, 9:42 PM IST

Updated : Jun 21, 2022, 10:48 PM IST

দ্ৰৌপদী মুৰ্মূ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
দ্ৰৌপদী মুৰ্মূ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

নিউজ ডেস্ক, 21 জুন: বিজেপিয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ৷ ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূ হ’ব এন ডি এ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী (Draupadi Murmu) ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ নাম (NDA presidential candidate)৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব তাকে লৈ বিগত প্ৰায় এটা সপ্তাহজুৰি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছিল ৷ আনকি বিৰোধী দলসমূহে শাৰদ পাৱাৰকে ধৰি কেইবাগৰাকীও দেশৰ আগশাৰীৰ নেতাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ আহ্বান জনাইছিল যদিও সকলোৱে এই আহ্বান প্ৰত্যাখ্যান কৰে ৷ অৱশেষত মঙলবাৰে প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী যশোৱন্ত সিনহাক বিৰোধীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰে (Presidential candidate of opposition Yashwant Sinha)৷

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 29 জুন ৷ আনহাতে 30 জুনত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব ৷ 2 জুলাই হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আৰু যদিহে নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰে তেন্তে 18 জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন (Presidential Election 2022)৷

লগতে পঢ়ক: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ

Last Updated : Jun 21, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.