ETV Bharat / bharat

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং

author img

By

Published : May 20, 2021, 8:56 PM IST

কৰ’ণাত আক্ৰান্ত হৈছে 'ফ্লায়িং শিখ' নামেৰে পৰিচিত প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং ৷ ইতিমধ্যে বিখ্যাত দৌৰবিদগৰাকী চণ্ডীগড়স্থিত নিজ গৃহতে হোম আইচলেচন হৈ আছে ৷

former-indian-runner-milkha-singh-found-corona-positive-in-chandigarh-isolating-herself-at-home
কৰ’ণাত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং

নিউজ ডেস্ক, 20 মে’: কৰ’ণাত আক্ৰান্ত হৈছে প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং ৷ ইতিমধ্যে বিখ্যাত দৌৰবিদগৰাকী চণ্ডীগড়স্থিত নিজ গৃহতে হোম আইচলেচন হৈ আছে ৷

' ফ্লায়িং শিখ' নামেৰে পৰিচিত 91 বৰ্ষীয় জনপ্ৰিয় ভাৰতীয় দৌৰবিদগৰাকীৰ বুধবাৰে নিশা 101 ডিগ্ৰীলৈকে জ্বৰ আছিল ৷ যাৰ পাছতেই তেখেতৰ কৰ’ণা পৰীক্ষা কৰা হয় আৰু কৰ’ণা পৰীক্ষাত তেখেতৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷

উল্লেখ্য যে, মিলখা সিঙৰ লগতে তেখেতৰ সম্পূৰ্ণ পৰিয়ালৰো কৰ’ণাৰ পৰীক্ষা কৰোৱা হয় ৷ উক্ত পৰীক্ষাত দৌৰবিদগৰাকীৰ দুজন কৰ্মচাৰীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে তেখেতৰ পত্নী, বোৱাৰী আৰু নাতিয়েকৰ কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ৷

লগতে পঢ়ক: ক‘ভিড-19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.