ETV Bharat / bharat

Rajmata Sushila Kumari passes away : ৰাজমাতা সুশীলা কুমাৰী আৰু নাই - বিকানেৰ ৰাজপৰিয়ালৰ প্ৰাক্তন ৰাজমাতা

ৰাজমাতা সুশীলা কুমাৰীৰ দেহাৱসান (Former Bikaner Rajmata Sushila Kumari passes away)৷ সকলোকে কন্দুৱাই শনিবাৰে এক অজান পৃথিৱীলৈ গ’ল গৈ সুশীলা কুমাৰী ৷ তথ্য অনুসৰি, দেওবাৰে প্ৰাক্তন ৰাজমাতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

Rajmata Sushila Kumari passes away
ৰাজমাতা সুশীলা কুমাৰীৰ দেহাৱসান
author img

By

Published : Mar 11, 2023, 8:14 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : ৰাজমাতা সুশীলা কুমাৰী আৰু নাই (Former Bikaner Rajmata Sushila Kumari passes away) ৷ শনিবাৰে 95 বছৰ বয়সত বিকানেৰ ৰাজপৰিয়ালৰ প্ৰাক্তন ৰাজমাতাই শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে, বাৰ্ধক্যজনিত কাৰণতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰাজপৰিয়ালৰ প্ৰাক্তন ৰাজমাতা ৷ অৱশেষত সকলোকে কন্দুৱাই শনিবাৰে এই ইহ সংসাৰ ত্যাগ কৰে প্ৰাক্তন ৰাজমাতাগৰাকীয়ে ৷

প্ৰাক্তন ৰাজমাতা হৈছে প্ৰাক্তন বিকানেৰ মহাৰাজা কর্ণী সিঙৰ পত্নী ৷ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰো আছিল ৷ আনকি তেওঁ একেৰাহে 25 বছৰ সাংসদো আছিল ৷ এইগৰাকী সুশীলা কুমাৰী ডুংগৰপুৰৰ ৰাজকুমাৰী আৰু বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ ৰাজসিং ডুংগৰপুৰৰ ভগ্নী আছিল ।

জানিব পৰা মতে, দেওবাৰে ৰাজমাতা সুশীলা কুমাৰীৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হ’ব (Bikaner rajmata sushila kumari passes away) ৷ শনিবাৰ অৰ্থাৎ আজি সুশীলা কুমাৰীৰ মৃতদেহটো জুনাগড়ত ৰখা হ’ব ৷ যাতে সকলো পৰ্যায়ৰ লোকে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে ।

Rajmata Sushila Kumari passes away
ৰাজমাতা সুশীলা কুমাৰীৰ দেহাৱসান

সুশীলা কুমাৰীৰ মৃত্যুত সমগ্ৰ বিকানেৰ ৰাজ পৰিয়ালৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেও শোক প্ৰকাশ কৰিছে । সুশীলা কুমাৰী ধৰ্মপৰায়ণ আৰু এগৰাকী ভদ্ৰ মহিলা হিচাবে জনাজাত আছিল ৷ তেওঁ প্ৰায়ে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ উপৰিও তেওঁ কেইবাটাও দাতব্য কামৰ সৈতেও জড়িত আছিল ।

বিকানেৰ ইষ্টৰ বিজেপি বিধায়ক সিদ্ধি কুমাৰীৰ আইতাক আছিল প্ৰাক্তন ৰাজমাতা । সিদ্ধি কুমাৰীয়ে আগতে আইতাকৰ লগত থাকি তাইৰ স্বাস্থ্যৰ যত্ন লৈছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে বিকানেৰ ভ্ৰমণৰ সময়ত প্ৰাক্তন ৰাজমাতাক সৌজন্যমূলক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে । সেই সময়ত সাংসদ দুষ্যন্ত সিং তেওঁৰ লগত আছিল ।

কেন্দ্ৰীয় মন্ত্ৰী অর্জুন ৰাম মেঘৱাল, শিক্ষামন্ত্ৰী বি ডি কল্লা, ৰাজ্য শক্তিমন্ত্ৰী ভনোৱাৰ সিং ভাটিকে ধৰি কেইবাজনো ৰাজনীতিবিদে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো টুইটযোগে বিকানেৰৰ প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ED to question BRS MLC Kavitha today: আজি ED ৰ জেৰাৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী কন্যা কে কবিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.