ETV Bharat / bharat

মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰ সন্দৰ্ভত বিদেশী নাগৰিকক গ্ৰেপ্তাৰ - মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী

মুম্বাইৰ পৰা গোৱা অভিমুখী ক্ৰুজত ড্ৰাগছ বিৰোধী অভিযান চলাই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই আঠজন অভিযুক্তক আটক কৰাৰ পাচতে মুকলি হৈছে এই ক'লা বেহাৰ আন বহু অধ্যায় । ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰ সন্দৰ্ভত বুধবাৰে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই গ্ৰেপ্তাৰ কৰে এজন বিদেশী নাগৰিকক । ইতিমধ্যে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই আটক কৰা লোকসকলক ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে বিদেশী নাগৰিকজনৰ বিৰুদ্ধে ।

Foreigner arrested in Mumbai cruise drugs case
মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰ সন্দৰ্ভত বিদেশী নাগৰিকক গ্ৰেপ্তাৰ
author img

By

Published : Oct 7, 2021, 12:24 PM IST

নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ: নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ লগে লগে বহু লোকে জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে । কিয়নো, এতিয়ালৈকে আটক কৰা কৰা অভিযুক্তই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ৰ জেৰাত বহু চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে । বুধবাৰে তদন্তকাৰী সংস্থাটোৱে এই গোচৰ সন্দৰ্ভত এজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে । তদন্তকাৰী বিষয়াই জনোৱা মতে, ক্ৰুজখনৰ পৰা নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই আটক কৰা লোকসকলক ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে বিদেশী নাগৰিকজনৰ বিৰুদ্ধে ৷

বৃহস্পতিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে । মুম্বাই এনচিবিৰ সঞ্চালক সমীৰ ৱাংখেড়েই জানিবলৈ দিয়ে যে, এই সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে । বিটকইনৰ সৈতেও এই ঘটনাৰ কিছু সম্পৰ্ক থকাৰ কথা শীঘ্ৰেই পোহৰলৈ আহিব বুলি তেওঁ মন্তব্য কৰে । কিন্তু, এই বিষয়ে তথ্য প্ৰকাশ কৰাৰ পৰা তেওঁ বিৰত থাকে ।

কিয়নো, এতিয়াই এইসমূহ তথ্য ৰাজহুৱা কৰিলে তদন্ত প্ৰক্ৰিয়াত বাধা আহি পৰিব পাৰে ।

এনচিবিৰ দলটোৱে ২ অক্টোবৰত মুম্বাই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল আৰু কৰ্ডেলিয়া ক্ৰুজত অভিযান চলাইছিল । এই অভিযানৰ সময়ত, ক্ৰুজখনৰ পৰা কোকেইন(Cocaine), মেফেড্ৰোন(Mephedrone), হাচিছ(Hashish), হাইড্ৰ'পনিক(Hydroponic) আৰু এমডিএমই(MDME) আদি নিচাজাতীয় দ্ৰব্য জব্দ কৰা হৈছিল । লগতে, নগদ ১.৩৩ লাখ টকাও জব্দ কৰা হৈছিল ।

লগতে পঢ়ক : নাগপুৰৰ ‘বাহুবলী ফুচকা’ৰ নাম শুনিছেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.