নেশ্যনেল ডেস্ক, ১০ আগষ্ট : দেশজুৰি অব্যাহত আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ইতিমধ্যে দেশত ৫১ কোটিতকৈও অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । চৰকাৰৰ লক্ষ্য যিমান সোনকালে সম্ভৱ, দেশৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰা ।
ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । ভাৰতত থকা বিদেশী নাগৰিককো (Foreign nationals) এতিয়াৰে পৰা দিয়া হ'ব প্ৰতিষেধক (Vaccine) । যাৰ বাবে বিদেশী নাগৰিকসকলক কো উইন পৰ্টেলত (CoWin portal) পঞ্জীয়ণ কৰিবলৈ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে ।
মন্ত্ৰালয়ে জনোৱা মতে বিদেশী নাগৰিকসকলে Co-Win পৰ্টেলত পঞ্জীয়ন কৰিবলৈ পৰিচয় পত্ৰ হিচাপে পাছপ'ৰ্ট (passport) ব্যৱহাৰ কৰিব পাৰিব । মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰা মতে দেশৰ মহানগৰ অঞ্চলবোৰত যথেষ্ট সংখ্যক বিদেশী নাগৰিক থাকে ।
সেয়ে সেই অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব বেছি আৰু ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা থাকে । যাতে সেই অঞ্চলবোৰৰ সকলো লোকে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে চৰকাৰে । চৰকাৰে আশা কৰা মতে বিদেশী লোকসকলক প্ৰতিষেধক প্ৰদান কৰাৰ লগে লগে সংক্ৰমণৰ আশংকা যথেষ্টখিনি দূৰ হ'ব আৰু চৰকাৰৰ লক্ষ্যও পূৰ্ণ হ'ব ।
লগতে পঢ়ক : 'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম' ঘোষণা প্ৰধানমন্ত্ৰীৰ