ETV Bharat / bharat

ৰে’লৰ খাদ্যত বিষক্ৰিয়া, 40 গৰাকী যাত্ৰী চিকিৎসাধীন

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:48 AM IST

ৰে'লত প্ৰদান খাদ্যৰ পৰা বিষক্ৰিয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ খাদ্যৰ বিষক্ৰিয়াৰ ফলত 40 গৰাকী যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

Food Poison to train passengers Bharat Gaurav Yatra train passenger
ৰে’লৰ খাদ্যত বিষক্ৰিয়া, 40 গৰাকী যাত্ৰী চিকিৎসাধীন
ৰে’লৰ খাদ্যত বিষক্ৰিয়া, 40 গৰাকী যাত্ৰী চিকিৎসাধীন

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : চেন্নাই-পুনে অভিমুখী ভাৰত গৌৰৱ ৰে’লত অঘটন ৷ ৰে'লত প্ৰদান খাদ্যৰ পৰা বিষক্ৰিয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ খাদ্যৰ বিষক্ৰিয়াৰ ফলত 40 গৰাকী যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

IRCTC ৰ ভাৰত গৌৰৱ পেকেজ পৰ্যটক ৰে’লখন মঙলবাৰে নিশা চেন্নাইৰ পৰা পুনেলৈ আহি আছিল ৷ ৰে’লখনত প্ৰতিদিনৰ দৰে যাত্ৰীসকলক খাদ্য প্ৰদান কৰা হৈছিল ৷ কিন্তু সেই খাদ্য সেৱন কৰাৰ পিচতে 40 গৰাকী যাত্ৰী বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰে ৷ যাত্ৰীসকলৰ বমি আৰু পেটৰ বিষ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগে লগে ৰে'ল প্ৰশাসনে পুনে ৰে’ল ষ্টেচনক অৱগত কৰিছিল। ৰে’লৱে কৰ্তৃপক্ষৰ ফালৰ পৰা চাচুন চিকিৎসালয়ত খবৰ দিয়া হৈছিল ৷ খবৰ লাভ কৰিয়েই চিকিৎসকৰ এটা দল ৰে’ল ষ্টেচনত উপস্থিত হয় ৷

ৰে’লখন পুনেত প্ৰৱেশ কৰাৰ পিচতে, অসুস্থসকলক লগে লগে ষ্টেচনত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। সম্প্ৰতি ৰে'ল প্ৰশাসনেৰ তথ্য অনুসৰি, সকলো যাত্ৰী কুশলে আছে ৷

এই ঘটনাৰ পিচতে ৰে'ল যাত্ৰী গোটৰ সভাপতি হৰ্ষ শ্বাহে কয় যে, ৰে’লখনত দুজনকৈ IRCTC ৰ বিষয়া নিয়োজিত হৈ আছে ৷ তেওঁলোকে কিয় এই খাদ্য পৰীক্ষা কৰা নাছিল ? যাত্ৰীসকলে ১০ দিনৰ ভ্ৰমণ ভিত্তিত ধন পৰিশোধ কৰিছে যাতে তেওঁলোকে সকলো পৰ্যাপ্ত সকলো সুবিধা লাভ কৰিব পাৰে ৷ আৰু তেওঁলোকে যিকোনো সুবিধা লাভ কৰিব পাৰে ৷ শ্বাহে এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰিছে ৷

ভাৰত গৌৰৱ যাত্ৰা চেন্নাই আৰু পুনেৰ মাজত চলা এখন বিশেষ ৰে’ল ৷ বিভিন্ন ৰাজ্যৰ যাত্ৰীয়ে এই বিশেষ ৰে’লখনত যাত্ৰা কৰে ৷

লগতে পঢ়ক: অ’টোত উঠি হায়দৰাবাদত ৰাহুল গান্ধীৰ চফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.