ETV Bharat / bharat

সৌৰ শক্তিৰে পৰিচালিত হ'ব কেৰালাৰ ক'চিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

40 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাৰে দেওবাৰে কেৰালাৰ ক'চিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট লিমিটেডক বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰ শক্তিৰে পৰিচালিত বিমানবন্দৰ হিচাপে ঘোষণা কৰা হৈছে ৷

author img

By

Published : Jan 20, 2021, 8:37 AM IST

সৌৰ শক্তিৰে পৰিচালিত বিশ্বৰ প্ৰথমটো এয়াৰপ'ৰ্ট কোচিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰ শক্তিৰে পৰিচালিত বিমানবন্দৰ হিচাপে কেৰালাৰ ক'চিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট লিমিটেডক ঘোষণা কৰা হৈছে ৷ দেওবাৰে এই বৃহৎ সৌৰ শক্তি প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হয় ৷ 40 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা থকা এই বৃহৎ প্ৰকল্পটোৰ কাম হাতত লৈছে এটা ফৰাচী কাৰিকৰী প্ৰতিষ্ঠানে ৷

উল্লেখ্য যে,ভাৰতত প্ৰথম বাৰৰ বাবে 2 কোটি টকা ব্যয় সাপেক্ষে কেৰালাত এই বৃহৎ প্ৰকল্পটো আৰম্ভ কৰা হৈছে ৷ এয়াৰপ'ৰ্টটোত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক বিজ্ঞান প্ৰযুক্তি ৷ যাৰ জৰিয়তে বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি প্ৰকৃতি সুৰক্ষালৈকে সকলো দিশ সামৰি লোৱা হৈছে ৷

ক'চিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ পৰিচালন সঞ্চালক ভি জে কুৰিয়ানে কয় যে,প্ৰকৃতিৰ সুৰক্ষা আৰু কাৰ্বন ফুট প্ৰিন্ট হ্ৰাস কৰাৰ বাবে শেহতীয়া প্ৰযুক্তিৰ সৈতে নিৰলস প্ৰচেষ্টা আৰু পৰীক্ষাৰ যোগেৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । নিৰ্মাণকাৰ্য হাতত লোৱা কোম্পানীটোৰ কাৰ্যকৰী মানদণ্ড অতি উন্নত ৷ ইয়াৰ পূৰ্বেও ক'চিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টে ৰাষ্ট্ৰসংঘৰ পৰা 'চেম্পিয়নছ অফ দা আৰ্থ এৱাৰ্ড' লাভ কৰিছিল ৷

লগতে পঢ়ক : কেৰালাৰ সোণৰ চিণ্ডিকেটত জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.