ETV Bharat / bharat

Opened emergency exit of IndiGo : ইণ্ডিগ’ বিমানত জৰুৰীকালীন দুৱাৰ খুলি বিপদত বিজেপিৰ সাংসদ

author img

By

Published : Jan 17, 2023, 6:28 PM IST

ইণ্ডিগ’ বিমানত জৰুৰীকালীন দুৱাৰ খুলি বিপদত পৰিল বিজেপি সাংসদ ৷ চেন্নাইৰ পৰা ত্ৰিবান্দ্ৰমলৈ যাত্ৰা কৰা ইণ্ডিগ’ বিমান 6ই-7339-ত দক্ষিণ বাংগালুৰু লোকসভা সমষ্টিৰ সাংসদ তেজস্বী সূৰ্যই ভুলক্ৰমে জৰুৰীকালীন প্ৰস্থানৰ দুৱাৰ খোলাৰ ফলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় (BJP leader allegedly opened emergency exit )৷

Flight passenger opens emergency door, creates havoc in Indigo plane
ইণ্ডিগ’ বিমানত জৰুৰীকালীন প্ৰস্থানৰ দুৱাৰ খুলি বিপদত বিজেপিৰ সাংসদ

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: বিতৰ্কই লগ নেৰা হ’ল ইণ্ডিগ’ বিমানক ৷ কালিকা লাগিছে ইণ্ডিগ’ বিমানত ৷ এতিয়া যেন প্ৰতিদিনেই নতুন আজৱ ঘটনাৰে দেশবাসীক আমোদ দি আহিছে ইণ্ডিগ’ বিমানৰ যাত্ৰীসকলে (Flight passenger opens emergency door) ৷ এইবাৰ পুনৰ ইণ্ডিগ’ বিমানত যাত্ৰীয়ে অদ্ভুত ঘটনা ঘটোৱাৰ খবৰ পোহৰলৈ আহিছে (BJP leader allegedly opened emergency exit ) ৷ ইণ্ডিগ’ 6ই বিমান 6ই-7339-ত বিমানখনৰ জৰুৰীকালীন দুৱাৰ খুলি দিলে এজন বিজেপি সাংসদে ৷ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় (causing havoc among passengers)৷

শক্তিমন্ত্ৰী ভি চেন্থিল বালাজীৰ টুইট
শক্তিমন্ত্ৰী ভি চেন্থিল বালাজীৰ টুইট

ঘটনা অনুসৰি যোৱা 10 ডিচেম্বৰত চেন্নাইৰ পৰা ত্ৰিবান্দ্ৰমলৈ যাত্ৰা কৰা ইণ্ডিগ’ 6ই বিমান 6ই-7339-ত বিমানখনত দক্ষিণ বাংগালুৰু লোকসভা সমষ্টিৰ সাংসদ তেজস্বী সূৰ্য আৰু তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামালাইয়ে যাত্ৰা কৰিছিল (BJP leader created major panic in plane) ৷ হঠাৎ বিজেপিৰ সাংসদগৰাকীয়ে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলি দিয়ে (Opened emergency exit of IndiGo plane) ৷ লগে লগে বিমানখনত থকা যাত্ৰীসকলে আতংকিত হৈ পৰে ৷ এই ঘটনা দেখি বিমানখনত থকা সদস্যসকলে যাত্ৰীসকলক বুজাই বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

এয়াৰলাইন কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) ঘটনাস্থলীত উপস্থিত হৈ বিমানখন পুনৰ উৰিব পাৰিব নে নাই নিশ্চিত কৰিছিল। ফলত বিমানখনৰ উৰণৰ সময় 3 ঘণ্টা পিছুৱাই দিব লগা হয় ৷

এই ঘটনাই বিমানৰ নিয়ম ভংগ কৰাৰ বাবে কৰ্তৃপক্ষই সাংসদজনক ক্ষমা বিচাৰিবলৈ কৈছিল ৷ সাংসদগৰাকীয়ে পৰৱৰ্তী সময়ত নিজৰ ভুল স্বীকাৰ কৰি লিখিতভাৱে এখন পত্ৰও দাখিল কৰিছিল ৷ তাৰ পিছতহে সাংসদজনক বিমানখনত যাত্ৰা কৰিবলৈ অনুমতি দিয়া হৈছিল ৷ কিন্তু এই ঘটনাটোৰ পিছত বিমানখনত থকা কেবিন ক্ৰুয়ে সাংসদগৰাকীয়ে বহাৰ আসন সলনি কৰিছিল ৷ তেওঁক জৰুৰীকালীন প্ৰস্থানৰ ওচৰৰ আসনৰ পৰা স্থানান্তৰ কৰা হৈছিল আৰু পিছৰ ফালে বহিবলৈ কোৱা হৈছিল।

তামিলনাডুৰ শক্তিমন্ত্ৰী ভি চেন্থিল বালাজীয়ে ২০২২ চনৰ ২৯ ডিচেম্বৰত চেন্নাই-ত্ৰিচী বিমানত জৰুৰীকালীন প্ৰস্থান দুৱাৰ খোলাৰ বিষয়ে টুইট কৰাৰ পিছতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ টুইটটোত সাংসদ তেজস্বী সূৰ্য আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ তামিলনাডুৰ মুৰব্বী অন্নমালাইক দোষাৰোপ কৰা হৈছিল । সৌভাগ্যক্ৰমে বিমানখন উৰিবলৈ নাপাওঁতেই এইটো ঘটনা ঘটিছিল। যদি এনেকুৱা ঘটনা বিমানখন উৰণৰ পিছত ঘটিলহেঁতেন তেন্তে এইটো ভয়ংকৰ হ’লহেতেন, বেয়া হ'লহেঁতেন।

ইফালে বিমান নিয়ম (Aircraft Rules) অনুসৰি 1937-ৰ দফা 22 (খ) এনে ঘটনাৰ কথা উল্লেখ আছে ৷ ইয়াত উল্লেখ কৰা আছে যে বিমানত থকা কোনো ব্যক্তিয়ে বিমানৰ সুশৃংখলা আৰু অনুশাসন বজাই ৰখাৰ উদ্দেশ্যে, বিমানখনৰ বা বিমানত থকা যিকোনো ব্যক্তি বা সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে পাইলট-ইন-কমাণ্ডৰ দ্বাৰা বা পাইলট- ইন-কমাণ্ডৰ হৈ দিয়া আইনী নিৰ্দেশনা অনুসৰণ কৰিবলৈ অস্বীকাৰ নকৰিব ।

পিছে বিমানত এনে ঘটনা পূৰ্বেও সংঘটিত হৈছিল ৷ জৰুৰীকালীন প্ৰস্থান খোলা যাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে বিমান সেৱাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছে । 2019 চনৰ এপ্ৰিল মাহত বাংগালুৰু-লক্ষ্ণৌ বিমানত জৰুৰীকালীন প্ৰস্থানৰ ওচৰত বহি থকা এজনে প্ৰথমবাৰৰ বাবে জৰুৰীকালীন প্ৰস্থানক খিৰিকী বুলি ভাবি খুলিছিল। লগে লগে যাত্ৰীজনক বিমানৰ পৰা নমাই যাত্ৰা কৰিবলৈ নিদি কেম্পেগৌড়া বিমানবন্দৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক: Ashwini Choubey escorting vehicles overturned: কেন্দ্ৰীয়মন্ত্ৰী অশ্বিনী চৌবেৰ কনভয়ৰ দুৰ্ঘটনাগ্ৰস্ত, 5 জন আৰক্ষী আহত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.