ETV Bharat / bharat

Passenger dies in IndiGo flight: ইন্দোৰ বিমানবন্দৰত যাত্ৰীবাহী ইণ্ডিগ’ বিমানৰ জৰুৰীকালীন অৱতৰণ

author img

By

Published : Jan 15, 2023, 1:27 PM IST

ইণ্ডিগ’ বিমানত পুনৰ অঘটন ৷ মাদুৰাইৰ পৰা দিল্লীলৈ যোৱা এখন ইণ্ডিগ' বিমানত এগৰাকী বয়োজ্যেষ্ঠ যাত্ৰীৰ মুখৰ পৰা ৰক্তক্ষৰণ হোৱাৰ পাছতেই বিমানখন ইন্দোৰ বিমান বন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰাব লগীয়া হয় (IndiGo flight lands at Indore airport)৷ পৰৱৰ্তী সময়ত চিকিৎসালয়ত বয়োজ্যেষ্ঠ যাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে(Passenger dies in IndiGo flight)৷

ইন্দোৰ বিমানবন্দৰত ইণ্ডিগ’ বিমান অৱতৰণ
flight lands at Indore airport due to medical emergency

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে ইণ্ডিগ’ বিমানসেৱাক ৷ বিগত কেইবামাহ ধৰি ইণ্ডিগ’ বিমান সেৱাত ঘটি অহা বহুকেইটা আজৱ ঘটনাই প্ৰায় প্ৰতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ এগৰাকী যাত্ৰীৰ চিকিৎসাজনিত কাৰণত জৰুৰীকালীনভাৱে ইন্দোৰ বিমানবন্দৰত আদবাটতে ইণ্ডিগ’ বিমান এখন অৱতৰণ কৰিব লগা হয় (IndiGo flight lands at Indore airport)৷

বিমানখনৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া মাদুৰাইৰ পৰা দিল্লীলৈ যোৱা এখন ইণ্ডিগ' বিমানত এগৰাকী 60 বছৰীয়া যাত্ৰীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাত জৰুৰীকালীনভাৱে ইন্দোৰ বিমান বন্দৰত অৱতৰণ কৰে ৷ বিমানখন ইন্দোৰৰ দেৱী অহোল্যাবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Devi Ahilyabai Holkar international airport) অৱতৰণ কৰাৰ পিছতে যাত্ৰীগৰাকীক বিমানবন্দৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ তাৰ পিছতে চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে ৷

প্ৰাৰম্ভিক তথ্য অনুসৰি, ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান ৬ই-২০৮৮ত থকা অতুল গুপ্তা (৬০) নামৰ যাত্ৰী গৰাকীৰ মুখৰ পৰা ৰক্তক্ষৰণ হৈছিল ৷ যাত্ৰাৰ মাজতে তেওঁৰ শৰীৰৰ অৱস্থাৰ অৱনতি ঘটে ৷ লগে লগে বিমানখনৰ কৰ্তৃপক্ষই যাত্ৰীগৰাকীৰ চিকিৎসাজনিত কাৰণত জৰুৰীকালীন অৱস্থাত মাদুৰাই-দিল্লী বিমানখন ইন্দোৰতে অৱতৰণ কৰায় (Passenger dies in IndiGo flight)৷

স্মৰ্তব্য যে গুপ্তা হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোগত ভুগি আছিল ৷ লোকজনক ভৰ্তি কৰাৰ পিছত সন্ধিয়া প্ৰায় 6.40 বিমানখন পুনৰ গন্তব্যস্থানলৈ উৰা মাৰে ৷ এৰোড্ৰম আৰক্ষী থানাৰ (Aerodrome police station)এজন উপ-পৰিদৰ্শকে কৈছিল যে মৃত গুপ্তা নয়ডাৰ বাসিন্দা আছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত লোকজনৰ মৃতদেহ আত্মীয়সকললৈ হস্তান্তৰ কৰা হ'ব ৷

উল্লেখ্য যে শনিবাৰে দিল্লী-পুণেৰ এখন স্পাইচজেটত বোমা থকা বুলি মিছা তথ্য দিয়াৰ বাবে ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Youth arrested for creating bomb scare)। দেশৰ বিভিন্ন বিমানবন্দৰলৈ প্ৰায়ে এনে কিছুমান ভাবুকি সদৃশ ফোন অহাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে । একে ধৰণে বিমানত বোমা থকাৰ দৰে বহু ভুৱা তথ্যও লাভ কৰি আহিছে বিমানবন্দৰ কৰ্তৃপক্ষই । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুণেলৈ যোৱা স্পাইচজেটৰ বিমান এখন উৰা মৰাৰ পূৰ্বে বৃহস্পতিবাৰে স্পাইচজেটৰ কল চেণ্টাৰলৈ ফোন আহিছিল আৰু কোৱা হৈছিল যে বিমানখনত বোমা আছে ।

কৰ্তৃপক্ষই ফোন পোৱাৰ পাছত বিমানৰ যাত্ৰা বন্ধ কৰিবলগীয়া হৈছিল । বিমানখন নিশা ৯.৩০ বজাত দিল্লীৰ পৰা ৰাওনা হোৱাৰ কথা আছিল যদিও লগে লগে আইচলেচন বেলৈ লৈ যোৱা হৈছিল আৰু সকলো যাত্ৰী আৰু তেওঁলোকৰ বেগবোৰ চিআইএছএফৰ দ্বাৰা তালাচী কৰা হৈছিল । দীৰ্ঘ সময় পৰীক্ষা কৰাৰ পাছতো কৰ্তৃপক্ষই বিমানখনৰ পৰা কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাছিল ৷

অৱশেষত বিমানবন্দৰৰ আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে জনোৱা মতে ফোন নম্বৰটোৰ ক্ষেত্ৰত এক অভিযান চলাই যুৱকজন অভিনৱ প্ৰকাশ বুলি চিনাক্ত কৰা হৈছিল ।আচলতে তেওঁৰ বন্ধুসকলে প্ৰেমিকাৰ সৈতে অধিক সময় যাতে কটাব পাৰে তাৰ বাবে বিমানখনৰ উৰণত বিলম্ব কৰিব বিচাৰিছিল প্ৰকাশে (Fake bomb scare in Delhi IGI)।

লগতে পঢ়ক: Vande Bharat Express: সোমবাৰৰ পৰা আৰম্ভ হ’ব দেশৰ অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.