ETV Bharat / bharat

আগৰতলা ৰে’ল ষ্টেচনত উদ্ধাৰ অসমৰ ৫ বছৰীয়া কিশোৰ - শিশু সৰবৰাহ

অভিজিত বাল্মিকী নামৰ পাঁচ বছৰীয়া কিশোৰজনক শনিবাৰে সন্ধিয়া আগৰতলা ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, কিশোৰজন অসমৰ বদৰপুৰ অঞ্চলৰ আৰু সন্দেহজনকভাৱে শিলচৰ-আগৰতলা এক্সপ্ৰেছৰ জৰিয়তে আগৰতলা ৰে'ল ষ্টেচনত উপস্থিত হৈছিল কিশোৰজন । কিশোৰজনক উদ্ধাৰ কৰি আৰক্ষীয়ে শিশুগৃহলৈ প্ৰেৰণ কৰিছে ।

agartala rail station
আগৰতলা ৰেল ষ্টেচনত উদ্ধাৰ অসমৰ ৫ বছৰীয়া কিশোৰ
author img

By

Published : Jun 27, 2021, 1:43 PM IST

আগৰতলা, ২৭ জুন : ত্ৰিপুৰাৰ আগৰতলাত এক ৰহস্যজনক ঘটনা । অভিভাৱক অবিহনে আগৰতলা ৰে’ল ষ্টেচনত উদ্ধাৰ ৫ বছৰীয়া কিশোৰ । সম্প্ৰতি কিশোৰজন উদ্ধাৰৰ লগে লগে ৰহস্যই বিৰাজ কৰিছে সমগ্ৰ আগৰতলাত ।

অভিজিত বাল্মিকী নামৰ পাঁচ বছৰীয়া কিশোৰজনক শনিবাৰে সন্ধিয়া আগৰতলা ৰে’ল ষ্টেচনৰ (Agartala Railway Station) পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, কিশোৰজন অসমৰ বদৰপুৰ অঞ্চলৰ আৰু সন্দেহজনকভাৱে শিলচৰ-আগৰতলা এক্সপ্ৰেছৰ (Silchar-Agartala Express) জৰিয়তে আগৰতলা ৰে'ল ষ্টেচনত উপস্থিত হৈছিল । কিশোৰজনক উদ্ধাৰ কৰি আৰক্ষীয়ে প্ৰথমে সোধপোছ কৰিছিল ।

প্ৰাথমিক জেৰাত পোহৰলৈ আহিছে যে এবছৰ আগতে কিশোৰজনে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছে । তাৰ পিছত তেওঁ আৰু তেওঁৰ সৰু ভাতৃক শিশু গৃহলৈ (Children home) প্ৰেৰণ কৰা হৈছিল । প্ৰায় ১৫ দিন পিছত তেওঁ ঘৰলৈ উভতি আহে আৰু তাৰ পিছত উভতি অহাৰ সময়ত তেওঁ ৰে’লখনত উঠিছিল আৰু অৱশেষত আগৰতলা ৰে’ল ষ্টেচনত নামিছিল । কিশোৰজনে আৰক্ষীক জনোৱা মতে সৰু ভাতৃ আকাশ তেওঁৰ পৰা পৃথক হৈ গৈছিল যাৰ বাবে কিশোৰজনে ভায়েকক বিছাৰি আছিল ।

অৱশ্যে কেনেদৰে তেওঁলোক পৃথক হ'ল সেই বিষয়ে সঠিকভাৱে আৰক্ষীক অৱগত কৰিব নোৱাৰিলে কিশোৰজনে । সূত্ৰ পৰা জানিব পৰা মতে কিশোৰজনৰ কথাবোৰ অস্পষ্ট আছিল যাৰ বাবে আৰক্ষীয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰত ফোন কৰি কিশোৰজনৰ শিশুগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । বহুতৰ মনত প্ৰশ্ন উদয় হৈছে কেনেকৈ অভিভাৱক অবিহনে এজন কিশোৰ এনেদৰে ৰে’লত দীঘলীয়া ভ্ৰমণ কৰিব পাৰে ।

আন একাংশই আকৌ ৰে’লসমূহৰ বিষয়া আৰু ৰে’ল আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন তুলিছে । বহুতে সন্দেহ কৰিছে ৰে’ল কতৃপক্ষৰ গাফিলতিৰ বাবে এনে কাৰ্য সংঘটিত হৈছে । ইফালে বহু সময়ত শিশু সৰবৰাহকাৰী দল (child trafficking gang) সক্ৰিয় হৈ থকাত এই কিশোৰজন তেনে দুষ্টচক্ৰৰ বলি হৈছিল নেকি বুলিও সন্দেহ কৰিছে একাংশ লোকে ।

লগতে পঢ়ক:ইন্দিৰা গান্ধীৰ পৰাজয়ৰ পৰা মোডীয়ে শিক্ষা লোৱা উচিত: মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.