ETV Bharat / bharat

Omicron in Meghalaya : মেঘালয়ত পাঁচগৰাকী ব্যক্তিৰ দেহত অ’মিক্ৰণৰ অৱস্থিতি - Five peoples from Meghalaya tested Omicron positive

দেশত 2000 ৰ ঘৰ স্পৰ্শ কৰিছে অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যাই ৷ দিনক দিনে বাঢ়িছে অ’মিক্ৰণৰ সংক্ৰমণ ৷ বিভিন্ন ৰাজ্যত ইতিমধ্যে বিদ্যালয় বন্ধ ঘোষণা কৰিছে চৰকাৰী কৰ্তৃপক্ষই ৷ মেঘালয়ত মঙলবাৰে পাঁচগৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ অৱস্থিতি ধৰা (Omicron in Meghalaya) পৰিছে ৷ ইয়াৰে এগৰাকী ব্যক্তি অসমৰ বুলি পোহৰলৈ আহিছে ৷

omicron cases
অ’মিক্ৰণৰ ভয়াৱহ সংক্ৰমণ
author img

By

Published : Jan 5, 2022, 11:36 AM IST

গুৱাহাটী, 5 জানুৱাৰী : চুবুৰীয়া ৰাজ্য মেঘালয়ত ধৰা পৰিছে ক’ভিড-19 ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণত আক্ৰান্ত পাঁচগৰাকী ব্যক্তি ৷ মেঘালয়ত চিনাক্ত হোৱা 5 গৰাকী লোকৰ ভিতৰত এগৰাকী অসমৰ (A man from Assam got infected by Omicron) বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেমছ চাংমাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ৰাজ্যখনত মুঠ 5 জন ব্যক্তিৰ শৰীৰত পোৱা গৈছে এই ভাইৰাছ ৷

আক্ৰান্তসকলৰ এগৰাকী পূৱ খাচী পাহাৰৰ ৷ এইগৰাকী অ'মিক্ৰণ আক্ৰান্ত ব্যক্তি উভতি আহিছিল নিউয়ৰ্কৰ পৰা ৷ তদুপৰি এগৰাকী ৰাজধানী দিল্লীৰ পৰা উভতি অহাৰ বিপৰীতে আৰু এগৰাকী অসমৰ পর্যটক বুলি তেওঁ সদৰী কৰিছে ৷

omicron cases
অসমৰ এজন লোকসহ মেঘালয়ত 5 গৰাকীৰ দেহত অ'মিক্ৰণৰ উপস্থিতি

অৱশ্যে মেঘালয়ত কৰা জেন'ম পৰীক্ষাত অ'মিক্ৰণৰ সংক্ৰমণ ঘটা বুলি নিশ্চিত হোৱা অসমৰ এই ব্যক্তিগৰাকী কোন স্থানৰ বাসিন্দা অথবা তেওঁৰ পৰিচয় কি, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ মেঘালয়ত আক্ৰান্ত আন দুগৰাকী লোক ৰিভ'ই জিলাৰ ছেইডেন গাঁৱৰ ৷ সংবাদ প্ৰতিষ্ঠান ইউ এন আইক স্বাস্থ্যমন্ত্ৰী জেমছে সদৰী কৰা অনুসৰি অ'মিক্ৰণত আক্ৰান্ত আটাইকেইজন ৰোগীয়েই আছিল লক্ষণবিহীন (5 omicron cases in Meghalaya) ৷

সম্প্ৰতি তেওঁলোক হোম আইছ’লেচনত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে মণিপুৰত অ'মিক্ৰণত প্ৰথমজন উত্তৰ-পূৰ্বাঞ্চলৰ আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছিল (The first omicron case from North East found in Manipur) ৷ দক্ষিণ আফ্ৰিকাৰ এখন দেশ ভ্ৰমণ কৰি অহা মণিপুৰৰ ব্যক্তিজনৰ শৰীৰত অ'মিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক শংকাৰ পৰিৱেশ সৃষ্টি হয় ৷

দেশজুৰি ক্ৰমাৎ অ'মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে ৷ বুধবাৰৰে পৰা কাৰ্যকৰী হোৱা নতুন নিয়ম অনুসৰি আৰটিপিচিআৰ পৰীক্ষা অবিহনে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব মেঘালয়ত ৷

ইয়াৰ মাজতে ৰাজ্যখনত 5 জনকৈ ব্যক্তিৰ শৰীৰত অ'মিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছত স্বাভাৱিকতেই ৰাজ্যখনৰ লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ আক্ৰান্তসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু এগৰাকী মহিলা ৷

ইফালে ৰিভ'ই জিলাৰ দুই আক্ৰান্তৰ নাছিল কোনো ভ্ৰমণ বৃত্তান্ত ৷ অৱশ্যে ৰাজ্যখনৰ একাংশ বিষয়াই প্ৰকাশ কৰা অনুসৰি আক্ৰান্তসকলৰ অধিকাংশই ইতিমধ্যে 4 ৰ পৰা 8 দিন পর্যন্ত আইছ’লেচন সম্পূর্ণ কৰিছে ৷ এই লোকসকলৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ পৰীক্ষাও অব্যাহত ৰাখিছে মেঘালয় চৰকাৰে ৷

লগতে পঢ়ক: ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.২৯ শতাংশলৈ বৃদ্ধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.