নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : ঝাৰখণ্ড জিলাৰ সাৰথ থানা অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ ভয়ংকৰ পথ দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে শিশুসহ 5 গৰাকী লোকে মৃত্যুক আকোৱালি লয় ৷ আনহাতে আন এজন লোক আহত হৈছে ৷ সম্প্ৰতি আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, সাৰথ আৰক্ষী থানা অঞ্চলৰ দুমদুমী পঞ্চায়তৰ আছানচোলৰ বাসিন্দা চিআৰপি মনোজ চৌধুৰীকে ধৰি পৰিয়ালটোৰ দুজন শিশুকে ধৰি পাঁচজন লোকৰ মৃত্যু হৈছে। জানিব পৰামতে, মনোজ চৌধুৰীয়ে তেওঁৰ জী জোঁৱায়েক আৰু দুই সন্তানৰ সৈতে দশেৰা উদযাপন কৰিবলৈ লৈ গৈ থকাৰ পথত ছিকটিয়া বেৰেজৰ সমীপত বাহনখন নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰে ৷ বাহনখনত পাঁচগৰাকী আৰোহী আছিল ৷ দুৰ্ঘটনাটোত বলেৰ’ৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
লগে লগে দুৰ্ঘটনাস্থলীলৈ স্থানীয় লোক উপস্থিত হৈ বাহনখনৰ পৰা মৃত লোকসকলক উলিয়াই লৈ আহে ৷ স্থানীয় লোকসকলে সাৰথ আৰক্ষী থানাত খবৰ দিয়াৰ পিচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সাৰথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেশ কুমাৰ আৰু এছডিপিঅ' বীৰেন্দ্ৰ কুমাৰ ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় ৷ এই ঘটনাত আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
উল্লেখ্য যে দেশজুৰি দশেৰাৰ উছাহৰ মাজতে এই শোকাৱহ ঘটনাই পৰিয়ালটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃত পৰিয়ালটোৰ আত্মীয়ক খবৰ দিছে ৷ পৰিয়ালৰ লোক আহিলেই গতাই দিয়া হ’ব মৃতদেহকেইটা ৷