নেচনেল ডেস্ক ,১০জুন: দেশত পথ সুৰক্ষাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহন কৰিলেও নিতৌ সংঘটিত হৈ আছে বহু ভয়াৱহ দুৰ্ঘটনা । ইয়াৰ মাজতে উত্তৰাখণ্ডৰ নাইনিতালত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰাখণ্ডৰ ওখালকান্দা অঞ্চলত বৃহস্পতিবাৰে নিশা এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত ৫জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে এজন লোক (five killed in car accident in Nainital) ।
ঘটনা সংক্ৰান্তত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পংকজ ভট্টই জনোৱা মতে, গাড়ীখন ওখালকান্দা অঞ্চলত এটা খাদত পৰি যোৱাত পাঁচজন যাত্ৰী ঘটনাস্থলীতে নিহত হয় ।আনহাতে, আহত চালকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় । বৃহস্পতিবাৰে নিশা ওখালকান্দা অঞ্চলত গাড়ীখন হালদৱানীৰ পৰা গুৰুদ্বাৰা ৰীতা চাহিবলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক পংকজ ভট্টই কয় ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে তেহৰি জিলাত সংঘটিত আন এক দুঘটনাত একেধৰণে বাহন খাদত পৰি পাঁচজন লোকৰ মৃত্যু হৈছিল ।