ETV Bharat / bharat

Chhattisgarh Election 2023 : প্ৰথমবাৰৰ বাবে ভোটদান ছত্তীশগড়ৰ ৯৩ বছৰীয়া ভোটাৰৰ - Chhattisgarh Election 2023

ছত্তীশগড়ত ৯৩ বছৰীয়া বৃদ্ধৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল । প্ৰথমবাৰৰ বাবে ভোটদান কৰি আনন্দিত শ্বেৰ সিং হিডকো ।

Chhattisgarh Election 2023
প্ৰথমবাৰৰ বাবে ভোটদান ছত্তীশগড়ৰ ৯৩ বছৰীয়া ভোটাৰৰ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 3:07 PM IST

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : ছত্তীশগড়ত পুৱাৰে পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । এইবাৰ চৰ্চাত আছে ভানুপ্ৰতাপপুৰৰ ভাইচাকানহাৰ গাঁৱৰ এগৰাকী ভোটাৰ । প্ৰাৰ্থীসমূহৰ দৰেই জনপ্ৰিয় হৈছে ভোটাৰজন । তেওঁ হৈছে ৯৩ বছৰীয়া শ্বেৰ সিং হিডকো । শ্বেৰ সিং হিডকোৱে তেওঁৰ গাঁৱৰ এটা ভোটকেন্দ্ৰত প্ৰথমে ভোটদান কৰে ।

উল্লেখ্য যে নিৰ্বাচন আয়োগে এইবাৰ ১০০ শতাংশ ভোটদানৰ বাবে এক সজাগতা অভিযান আৰম্ভ কৰিছিল । প্ৰচাৰৰ সময়ত যিসকলৰ নাম ভোটাৰ তালিকাত নাছিল তেওঁলোকৰ নাম যোগ দিয়া হৈছিল । নিৰ্বাচন আয়োগৰ দলটো ভাইচাকানহাৰ গাঁৱত উপস্থিত হোৱাত মানুহে কৈছিল যে শ্বেৰ সিং হিডকোৱে আজিলৈকে ভোট দান কৰা নাই । কিয়নো তেওঁৰ ভোটাৰ পৰিচয় পত্ৰই নাই । আয়োগে লগে লগে শ্বেৰ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰে । যাৰ বাবে ৯৩ বছৰীয়া শ্বেৰ সিঙে জীৱনৰ প্ৰথমটো মূল্যৱান ভোট দান কৰিবলৈ সক্ষম হয় ।

পৰিয়ালে কোৱা মতে শ্বেৰ সিং হিডকোৱে বাৰ্ধক্যজনিত কাৰণত শ্ৰৱণ শক্তি আৰু বাক শক্তি হেৰুৱাইছে । কিন্তু যেতিয়া পৰিয়ালৰ সদস্যসকলে তেওঁক ভংগীমাৰে বুজাইছিল যে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু তেওঁ ভোট দিব পাৰিব । তেতিয়া শ্বেৰ সিং হিডকো আনন্দিত হয় । পুৱাই পৰিয়ালৰ লোকে তেওঁক ভাইচাকানহাৰ ভোটকেন্দ্ৰলৈ লৈ যায় য'ত শ্বেৰ সিঙে তেওঁৰ জীৱনৰ প্ৰথমটো ভোট দান কৰে । নিৰ্বাচন আয়োগৰ মতে এইবাৰ কাঙ্কেৰৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৭৪ হাজাৰতকৈও অধিক আবেদন লাভ কৰিছিল । তাৰ ভিতৰত কেৱল ভানুপ্ৰতাপপুৰতে ৩২ হাজাৰৰো অধিক আবেদন আছিল ।

লগতে পঢ়ক :Mizoram Assembly Election 2023: চৰকাৰ গঠনক লৈ আশাবাদী মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.