নেশ্যনেল ডেস্ক, ২১ জুলাই: আত্মহননৰ পথ বাচি ল'লে কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ৰেডিঅ' জকী আনান্নায়াহ কুমাৰী এলেক্সে(Anannyah Kumari Alex) । মঙলবাৰে কোচিস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় আনান্নায়াহ কুমাৰীৰ মৃতদেহ । উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ ব্য়ক্তিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । এই প্ৰাৰ্থীগৰাকী হৈছে আনান্নায়াহ কুমাৰী এলেক্স ।
মঙলবাৰে আৰক্ষীয়ে কোচিস্থিত বাসগৃহৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এয়া আত্মহত্যা বুলিয়েই সন্দেহ কৰা হৈছে । কেইসপ্তাহমান আগতে, আনান্নায়াহে প্ৰকাশ কৰিছিল যে, যোৱা বছৰ জুনত লিংগ পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত তেওঁ গুৰুতৰভাৱে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল । আনান্নায়াহে এগৰাকী চিকিৎসক আৰু এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগো উত্থাপন কৰিছিল । আনান্নায়াহৰ মতে, অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ এবছৰ পাছতো বিষ হৈ থকা বাবে তেওঁ কাম কৰিব পৰা নাছিল ।
আনান্নায়াহে চিকিৎসাকৰ অৱহেলাৰ বাবে স্বাস্থ্যজনিত সমস্যাত ভূগি থকাৰ অভিযোগ তোলে আৰু ন্যায়ৰ দাবী কৰে । চলিত বৰ্ষত কেৰালা বিধানসভা নিৰ্বাচনত তেওঁ মালাপ্পুৰম জিলাৰ ভেংগাৰা সমষ্টিত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ(Indian Union Muslim League)ৰ নেতা পি কে কুঞ্জলিকুট্টীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন দাখিল কৰিছিল । কেৰালা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তি আছিল আনান্নায়াহ ।
তেওঁ ডেমক্ৰেটিক ছ'চিয়েল জাষ্টিছ পাৰ্টী(Democratic Social Justice Party)ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল । কিন্তু পাছত তেওঁ ভোটদানৰ এদিন পূৰ্বে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ স্থগিত ৰাখে । তেওঁ অভিযোগ তুলিছিল যে, তেওঁক নিজৰ দলৰ নেতাই হাৰাশাস্তি কৰিছে আৰু মৃত্যুৰ ভাবুকি পোৱা দিছে । অৱশ্যে, তেতিয়ালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটো উকলি যোৱাৰ বাবে তেওঁ ৰাইজক ডি এছ জে পিক ভোট নিদিবলৈ আহ্বান জনাইছিল ।
লগতে পঢ়ক:লালু প্ৰসাদে হৈ থাকিব RJD ৰ ৰাষ্ট্ৰীয় সভাপতি : জগদানন্দ সিং