নেচনেল ডেস্ক,4 মাৰ্চ: ৰাম মন্দিৰৰ বাবে 7285 বৰ্গফুট ভূমি ক্ৰয় কৰিলে ৰাম জন্মভূমি চেৰিটেবল ট্ৰাষ্টে ৷ উত্তৰপ্ৰদেশৰ অযোধ্যত নিৰ্মাণ কাৰ্য অব্যাহত থকা ৰাম মন্দিৰৰ চৌহদৰ পৰিসৰ বৃদ্ধিৰ বাবে ভূমি ক্ৰয় কৰা হয় ৷ প্ৰতি বৰ্গফুট ভূমিৰ বাবদ 1373 টকা খৰচ কৰে ৰাম জন্মভূমি চেৰিটেবল ট্ৰাষ্টে ৷ পূৰ্বত আৱন্টিত 70 একৰ পৰা 107 একৰলৈ বৃদ্ধি কৰা হয় ৰাম মন্দিৰৰ পৰিসৰ ৷
ৰাম জন্মভূমিৰ তত্ত্বাৱধায়ক অনিল মিশ্ৰাই জানিব দিয়া মতে চৌহদত মুকলি ঠাইৰ বাবেই ক্ৰয় কৰা হয় এই ভূমি ৷ তথ্য অনুসৰি চেৰিটেবল ট্ৰাষ্টে নিৰ্মীয়মান মন্দিৰৰ ওচৰত থকা মাটিৰ গৰাকীৰ সৈতে ভূমি ক্ৰয় সন্দৰ্ভত আলোচনা চলি থকা বুলি উল্লেখ কৰে ৷ পৰৱৰ্তী সময়ত মন্দিৰ চৌহদ 1430195 বৰ্গফুটলৈ বৃদ্ধি কৰাৰ মনস্থ কৰিছে চেৰিটেবল ট্ৰাষ্টে ৷ উল্লেখ্য যে 5 একৰ ভূমিত নিৰ্মাণ হব ৰাম মন্দিৰ বাকী অংশত সংগ্ৰহালয় ,পুথিভড়ালৰ লগতে নিৰ্মাণ থাকিব অন্য়ান্ন সা সুবিধা ৷
লগতে পঢ়ক: দুৰ্গ অটুট থাকিবনে মহন্তৰ !