ত্ৰিপুৰা, 13 জানুৱাৰী: অসম আৰু মেঘালয়ৰ পাছতে কিছু অপেক্ষাৰ অন্তত ক'ভিড প্ৰতিষেধকৰ প্ৰথমটো গোট ত্ৰিপুৰাত উপস্থিত হৈছে ৷ কঠোৰ নিৰাপত্তাৰ মাজেৰে বুধবাৰে পুৱা ক'ভিড প্ৰতিষেধকৰ প্ৰথমটো গোট ত্ৰিপুৰাত উপস্থিত হয় ৷
জানিব পৰা মতে প্ৰতিষেধকৰ এই প্ৰথমটো গোটত মুঠ 60,000 প্ৰতিষেধক আছে আৰু বেলেগ বেলেগ স্থানত মুঠ 15 টা ভাগত 16 জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷
![first consignment of vaccines reaches tripura security arrangements tightened up](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-vaccine_13012021162718_1301f_1610535438_1015.jpg)
ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ প্ৰথমটো গোট আহি উপস্থিত হোৱাৰ কথা টুইটযোগে জানিবলৈ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, "মুঠ 60,000 প্ৰতিষেধক সহ ক'ভিড প্ৰতিষেধকৰ প্ৰথমটো গোট আগৰতলাৰ বীৰ বিক্ৰম এয়াৰপৰ্টত আহি উপস্থিত হৈছে ৷ প্ৰথমটো পৰ্যায়ত স্বাস্থ্যকৰ্মী সকলৰ লগতে ক'ভিড-19 বিৰোধী যুঁজখনত সমুখৰ পৰা যুঁজ দিয়া প্ৰতিজন যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্দেশ্য দেশখন আগুৱাই যোৱাৰ প্ৰাকমুহূৰ্তত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব খুজিছো ৷"
![first consignment of vaccines reaches tripura security arrangements tightened up](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-vaccine_13012021162718_1301f_1610535438_655.jpg)
প্ৰতিষেধকসমূহ ৰাজ্যখনত উপস্থিত হোৱাৰ পাছতেই প্ৰতিষেধক সমূহক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(এনএইচএম) ৰ ভেকচিন ভানত আগৰতলাৰ গোৰ্খাবস্তি স্থিত প্ৰতিষেধক ভড়াললৈ লৈ যোৱা হয় ৷ ক'ভিড প্ৰতিষেধক সমূহ সংৰক্ষণ কৰা ঠাইসমূহতো নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে ৷
![first consignment of vaccines reaches tripura security arrangements tightened up](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-vaccine_13012021162718_1301f_1610535438_883.jpg)
পৰিকল্পনা অনুসৰি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বাবে নডেল এজেন্সি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা এনএইচএমে প্ৰতিখন জিলালৈ প্ৰতিষেধক কঢ়িয়াই নিয়াৰ পথ পৰিকল্পনা কৰিছে ৷
ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালক সিদ্ধাৰ্থ শিৱ জয়ছোৱালে কয় যে, "ত্ৰিপুৰা ৰাজ্যই মুঠ 56,500 প্ৰতিষেধক লাভ কৰিছে (প্ৰাৰম্ভিক গণনা অনুসৰি) আৰু এই প্ৰতিষেধকসমূহ জিলা ভিত্তিত বিতৰণৰ বাবেও প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ অন্তিম গণনাৰ পাছতে প্ৰতিষেধক সমূহ নিৰ্দিষ্ট জিলাসমূহলৈ নিৰ্বাচনৰ সময়ত ইভিএম মেচিন প্ৰেৰণ কৰাৰ দৰে কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হ'ব ৷ "
লগতে পঢ়ক: গুৱাহাটী পালে উত্তৰ-পূৰ্বাঞ্চলৰ কোভিড প্ৰতিষেধকৰ দ্বিতীয়টো গোট