ETV Bharat / bharat

বেল'নিয়াত বি এছ এফ-বি জি বিৰ ৰোমাঞ্চকৰ ফুটবল খেল

ত্ৰিপুৰাৰ বেল'নিয়াত প্ৰথমবাৰৰ বাবে সীমা সুৰক্ষা বল আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজত ফুটবল শৃংখলা অনুষ্ঠিত হয় । বৃহস্পতিবাৰে বেল'নিয়া বি কে আই ষ্টেডিয়ামত ফুটবল শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ।

প্ৰথমবাৰৰ বাবে সীমা সুৰক্ষা বল আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজত ফুটবল খেল

author img

By

Published : Mar 19, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: বংগবন্দু শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী উপলক্ষে ত্ৰিপুৰাৰ বেল'নিয়াত আয়োজিত সীমা সুৰক্ষা বল আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজৰ ফুটবল শৃংখলাৰ বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয় । বন্ধুত্বপূৰ্ণ ফুটবল শৃংখলাৰ ছয়খন খেলৰ ভিতৰত প্ৰথমখন খেল বেল'নিয়া বি কে আই ষ্টেডিয়ামত অনুষ্ঠিত হয় । দুয়োটা দলৰ শক্তিশালী প্ৰতিৰক্ষকে প্ৰতিদ্বন্দী দলৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিহত কৰিছিল ।

ৰোমাঞ্চকৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত দৰ্শকে ভিৰ কৰে আৰু খেলুৱৈসকলক উৎসাহিত কৰে । দৰ্শকে টাইব্ৰেকাৰ উপভোগ কৰিব বুলি আশা কৰি আছিল, কিন্তু শেষত, দুয়োটা দলক বিজয়ী ঘোষণা কৰা হৈছিল । অৱশ্যে, খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে বিএছএফৰ দ্বাৰা কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । বাংলাদেশ বিজিজিৰ আঞ্চলিক কামাণ্ডেণ্টৰ লগতে উচ্চ পদস্থ বিষয়াসকল আৰু বিএছএফৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই খেল উপভোগ কৰে ।

খেলৰ শেষত আৰু পুৰস্কাৰ বিতৰণৰ পিছত, বিএছএফৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা আৰু বাংলাদেশ বিজিবি আঞ্চলিক কামাণ্ডেণ্ট নৰোজ এছানে সীমান্ত ব্যৱস্থাপনাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে । বন্ধুত্বপূৰ্ণ ফুটবল খেলখনত বিএছএফৰ অতিৰিক্ত সঞ্চালক প্ৰধান পংকজ কুমাৰ সিং, ত্ৰিপুৰা বিএছএফ আই জি সুশান্ত কুমাৰ নাথ, দক্ষিণ জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধন আৰু বিধায়ক অৰুণ চন্দ্ৰ ভৌমিকো উপস্থিত থাকে ।

লগতে পঢ়ক:ড্ৰাগছ সৰৱৰাহকাৰীয়ে লাভ কৰিছে ৰাজনৈতিক সমৰ্থন :ত্ৰিপুৰা যুৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.