ETV Bharat / bharat

India starts evacuation from Sudan : ২৭৮ ভাৰতীয়ক লৈ জেদ্দালৈ ৰাওনা আইএনএছ সুমেধা

author img

By

Published : Apr 25, 2023, 6:56 PM IST

ছুদানত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে (India starts evacuation from Sudan)। আৱদ্ধ ভাৰতীয়ক লৈ ছুদানৰ পৰা জেদ্দালৈ ৰাওনা হৈছে ভাৰতীয় নৌসেনাৰ জাহাজ সুমেধা । এতিয়াও ছুদান বন্দৰত আৱদ্ধ হৈ আছে ২০০ৰো অধিক ভাৰতীয় ।

India starts evacuation from Sudan
২৭৮ ভাৰতীয়ক লৈ জেদ্দালৈ ৰাওনা আইএনএছ সুমেধা

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : ছুদানৰ সংঘৰ্ষক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Sudan conflict)। ইয়াৰ মাজতে দক্ষিণ আফ্ৰিকাৰ দেশখনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । ভাৰতীয় নৌসেনাৰ জাহাজ আইএনএছ সুমেধাৰ জৰিয়তে ভাৰতীয় লোকৰ প্ৰথমটো দল ইতিমধ্যে জেদ্দালৈ ৰাওনা হৈছে (Indians stranded in Sudan leave for Jeddah)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অপাৰেচন কাবেৰীৰ অধীনত ছুদানৰ পৰা ভাৰতীয়সকলক স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে আৱদ্ধ ভাৰতীয়সকলৰ প্ৰথমটো দলে অপাৰেচন কাবেৰীৰ অধীনত ইতিমধ্যে ছুদান ত্যাগ কৰিছে (Operation Kaveri from Sudan)। আইএনএছ সুমেধাত ২৭৮ গৰাকী লোক আছে আৰু তেওঁলোকৰ সৈতে জাহাজখন জেদ্দালৈ ৰাওনা হৈছে । প্ৰায় ৫০০ গৰাকী ভাৰতীয় ছুদানৰ বন্দৰত উপস্থিত হোৱাৰ বিপৰীতে ভাৰত চৰকাৰে জেদ্দাত দুখন চি-১৩০জে সামৰিক পৰিবহণ বিমান ষ্টেণ্ডবাই কৰি ৰাখিছে ।

সোমবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উদ্ধাৰ অভিযানৰ বিষয়ে টুইট কৰিছিল । তেওঁ কৈছিল যে ছুদানত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অপাৰেচন কাবেৰী আৰম্ভ হৈছে । প্ৰায় ৫০০ গৰাকী ভাৰতীয় ছুদানৰ বন্দৰত উপস্থিত হৈছে (Indian stranded in Sudan)। সেই লোকসকলক জাহাজ আৰু বিমানেৰে দেশলৈ ঘূৰাই আনিবলৈ সাজু হৈছে । তেওঁ উল্লেখ কৰা মতে ছুদানত থকা ভাৰতীয়সকলক সকলো প্ৰকাৰৰ সহায়ৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

গৃহ মন্ত্ৰালয়ে লগতে আশ্বাস দিছে যে ছুদানত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰতে সৰ্বাধিক প্ৰচেষ্টা চলাই আছে । ছুদানত থকা ভাৰতীয় দূতাবাসে ছুদান কৰ্তৃপক্ষ, ৰাষ্ট্ৰসংঘ, চৌদি আৰৱ, ইউ.এ.ই., ইজিপ্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতেও নিয়মীয়া যোগাযোগ কৰি আছে । ভাৰত চৰকাৰে দ্ৰুত স্থানান্তৰ প্ৰক্ৰিয়াৰ বাবে একাধিক বিকল্প পদ্ধতি অৱলম্বন কৰিছে ।

উল্লেখ্য যে, ছুদানৰ আকাশসীমা বৰ্তমান সকলো বিদেশী বিমানৰ বাবে বন্ধ হৈ আছে আৰু স্থলভাগত চলাচলৰ বিপদাশংকা আৰু লজিষ্টিক প্ৰত্যাহ্বানও আছে (Sudan crisis)। ছুদানৰ পৰিস্থিতি সম্প্ৰতি অতি ভয়াৱহ হৈ আছে । চৰকাৰী তথ্য মতে সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজৰ সংঘৰ্ষৰ ফলত এতিয়ালৈ ৪০০ৰো অধিক লোক নিহত হৈছে ।

লগতে পঢ়ক :Sudan Crisis: আভ্যন্তৰীণ সংঘাতত জৰ্জৰ ছুডানত নিহতৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.