ETV Bharat / bharat

প্ৰতিষেধক গ্ৰহণ নকৰিলে দৰমহা নাপাব উত্তৰ প্ৰদেশৰ চৰকাৰী কৰ্মচাৰীয়ে

"NO VACCINATION, NO SALARY" উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত প্ৰতিষেধক গ্ৰহণ নকৰা চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে । জিলাখনৰ মুখ্য উন্নয়ন বিষয়া, চৰ্চিত গৌড়ে জনাইছে যে, জিলা কোষাগাৰ বিষয়া আৰু অন্যান্য বিভাগীয় মুৰব্বীসকলক এই আদেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু প্ৰতিগৰাকী কৰ্মচাৰীৰ টীকাকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

author img

By

Published : Jun 2, 2021, 5:17 PM IST

Firozabad District Magistrate has issued an oral order of no vaccination, no salary
প্ৰতিষেধক গ্ৰহণ নকৰিলে দৰমহা নাপাব উত্তৰ প্ৰদেশৰ চৰকাৰী কৰ্মচাৰীয়ে

নেশ্যনেল ডেস্ক, ২ জুন: ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে কৰ্মচাৰীসকলক আকৰ্ষিত কৰাৰ বাবে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এই নিৰ্দেশ অনুসৰি, চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিষেধক গ্ৰহণ নকৰালৈকে দৰমহা নাপায় ।

বুধবাৰে এই কথা প্ৰকাশ কৰে মুখ্য উন্নয়ন বিষয়া, চৰ্চিত গৌড়ে । তেওঁ কয় যে, জিলা দণ্ডাধীশ চন্দ্ৰ বিজয় সিঙে মৌখিক আদেশ জাৰি কৰি কৈছে যে, টীকাকৰণ নোহোৱা মানে, দৰমহাও লাভ নকৰে । এই নিৰ্দেশ অনুসৰি, যদি কোনো কৰ্মচাৰীয়ে প্ৰতিষেধক গ্ৰহণ নকৰে, তেন্তে, বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিব আৰু মে' মাহৰ দৰমহা লাভৰ পৰা তেওঁ বঞ্চিত হ'ব ।

তেওঁ লগতে কয় যে, জিলা কোষাগাৰ বিষয়া আৰু অন্যান্য বিভাগীয় মুৰব্বীসকলক এই আদেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু প্ৰতিগৰাকী কৰ্মচাৰীৰ টীকাকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:লংকাত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.