নেশ্যনেল ডেস্ক, 29 মাৰ্চ: উত্তৰ কাশ্মীৰৰ চাপ'ৰ অঞ্চলত সোমবাৰে সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ গুলিচালনাত ব্লক ডেভেলপমেন্ট কাউঞ্চিল (বিডিচি) ৰ অধ্যক্ষ সৈতে দুগৰাকী ব্যক্তি আহত হয় ৷
বিডিচিৰ অধ্যক্ষ ফৰিদা খানকে ধৰি অন্য দুগৰাকীকৈ লোক গুলিচালনাত আহত হয় ৷ আহত আটাইকেইগৰাকীকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমানেও তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ঘটনাটো চাপ'ৰৰ ডাক বাংলোৰ কাষত সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি ফৰিদা খান বৰ্তমান সংকটৰ বাহিৰত ৷ সেনা বাহিনীয়ে বৰ্তমান অঞ্চলটো ঘেৰাও কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশত দুৰ্ঘটনাত চাৰিজনৰ মৃত্যু