ETV Bharat / bharat

Fire in firecracker tragedy: বেংগালুৰুত আতচবাজীৰ গুদামত অগ্নিকাণ্ড: নিহত ১১

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:52 PM IST

আনেকাল তালুকৰ বেংগালুৰু-হোচুৰ আন্তঃৰাজ্যিক ঘাইপথৰ আট্টিবেলত আতচবাজীৰ দোকান আৰু গুদামত অগ্নিকাণ্ড ।

Fire in firecracker godown incident
আথিবেল সীমান্তৰ বালাজী ক্ৰেকাৰছত অগ্নিকাণ্ড

নেশ্য়নেল ডেস্ক, ৭ অক্টোবৰ: কৰ্ণাটকৰ আনেকাল তালুকৰ বেংগালুৰু-হোচুৰ আন্তঃৰাজ্যিক ঘাইপথৰ আট্টিবেলত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এখন আতচবাজীৰ দোকান আৰু গুদামত এই অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত নিহত হয় ১১ জন লোক ।

বেংগালুৰুৰ গ্ৰাম্য আৰক্ষী অধীক্ষক মল্লিকাৰ্জুন বালাদাণ্ডীয়ে উল্লেখ কৰা অনুসৰি, আথিবেল সীমান্তৰ বালাজী ক্ৰেকাৰছ নামৰ এখন আতচবাজীৰ দোকান তথা গুদামত এই দুৰ্ঘটনাটো সংঘটিত হয় । এটা স্ফুলিঙ্গৰ ফলত দোকানখনত বিস্ফোৰণ ঘটে । এই ঘটনাটোত মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, প্ৰতি বছৰৰ দৰে দেৱালীৰ বাবে এখন ট্ৰাকৰ পৰা আতচবাজী নমোৱাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দোকানখনত ২০ জন শ্ৰমিক আছিল । দুৰ্ঘটনাটোৰ পিছত তেওঁলোকৰ চাৰিজনে পলায়ন কৰা বুলিও আৰক্ষীয়ে উল্লেখ কৰে । ইপিনে, দোকানৰ ভিতৰত ১৬ জন লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে ১১ টা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে । দোকান তথা গুদামৰ জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই ।

ইপিনে,ঘটনাটোৰ বিষয়ে জানিব পাৰি আথিবেল আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । স্থানীয় লোকেও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক জুই নুমুৱাবলৈ সহায় কৰে । এই অগ্নিকাণ্ডত কোটি কোটি টকাৰ আতচবাজীৰ লগতে কেইবাখনো বাহন ভস্মীভূত হয় । ডাঙৰ গুদাম হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীক জুই নিৰ্বাপিত কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয় ।

এই ঘটনা সন্দৰ্ভত বক্তব্য বেংগালুৰু গ্ৰামৰ আৰক্ষী অধীক্ষক মল্লিকাৰ্জুন বালাদাণ্ডীয়ে কয়,"বালাজী ক্ৰেকাৰছ দোকান তথা গুদামত এখন বাহনৰ পৰা আতচবাজী নমোৱাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় । দোকানখনৰ গৰাকীৰো এই ঘটনাত মৃত্য়ু হয় । জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱাৰ পিছত দোকানৰ ভিতৰত কিমানজন শ্ৰমিক আৱদ্ধ হৈ আছে সেই বিষয়ে তথ্য পোৱা যাব । এফএছএল দল তথ্য় সংগ্ৰহৰ বাবে আহিব । আমি দোকানৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰি আছো ।"

লগতে পঢ়ক:SC on crime against women : 'মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ বাস্তৱিকভাৱে মোকাবিলা কৰিব লাগে'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.