ETV Bharat / bharat

বৈষ্ণো দেৱী মন্দিৰ চৌহদত অগ্নিকাণ্ড

author img

By

Published : Jun 9, 2021, 12:48 PM IST

মঙলবাৰে জম্মু-কাশ্মীৰৰ ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱী(Vaishno Devi) মন্দিৰ চৌহদত থকা কেচ কাউণ্টাৰ ভৱনত অগ্নিকাণ্ড সংঘটিত হয় । শ্ব’ৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে মন্দিৰ কমিটিয়ে ।

Fire breaks out at Vaishno devi shrine
বৈষ্ণো দেৱী মন্দিৰ চৌহদত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,৯ জুন: জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱী(Vaishno Devi) মন্দিৰ চৌহদত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । মন্দিৰ চৌহদত থকা কেচ কাউণ্টাৰ ভৱনত জুই(Fire)ৰ সূত্ৰপাত হয় ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে । জুই নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰীকালীন সেৱা, আৰক্ষী আৰু মন্দিৰ কমিটিৰ সদস্যসকলে একেলগে চেষ্টা চলায় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে ভৱনটোত জুই বিয়পি পৰাত বাধা দিবলৈ সক্ষম হয় ।

ইফালে ভৱনটোৰ বিশেষ ক্ষতি হোৱা নাই বুলি নিশ্চিত কৰিছে মন্দিৰ ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO)ই । লগতে কোনো লোক হতাহত হোৱা নাই বুলি বিষয়াসকলে জানিবলৈ দিছে । চিআৰপিএফৰ জোৱানসকলে সতৰ্ক কৰাৰ পিছতে ততাতৈয়াকৈ মন্দিৰৰ অগ্নি নিৰ্বাপক বাহিনী কাৰ্যকৰী হৈছিল । মঙলবাৰে আবেলি প্ৰায় ৪.১৫ বজাত শ্বbৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত কিছু পৰিমাণে নগদ ধন আৰু নথি-পত্ৰ ভস্মীভূত হয় ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক 'দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি' ৰূপায়ণৰ আহ্বান কেজৰিৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.