ETV Bharat / bharat

পালঘৰৰ ক'ভিড কেন্দ্ৰত অগ্নিকাণ্ডৰ ফলত নিহত ১৩

শুকুৰবাৰে পুৱাই মুম্বাইৰ পালঘৰ জিলাৰ ভাচাইৰ এটা ক'ভিড কেন্দ্ৰত সংঘটিত হয় অগ্নিকাণ্ডৰ। ফলত ১৩ জনকৈ ক'ভিড ৰোগীৱে প্ৰাণ হেৰুৱায় । চিকিৎসালয়খনত প্ৰায় ৯৫ জন ৰোগী চিকিৎসাধীন হৈ আছে আৰু অক্সিজেনৰ প্ৰয়োজন হোৱা ৰোগী সকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

পালঘৰৰ ক'ভিড কেন্দ্ৰত অগ্নিকাণ্ডৰ ফলত নিহত ১৩
পালঘৰৰ ক'ভিড কেন্দ্ৰত অগ্নিকাণ্ডৰ ফলত নিহত ১৩
author img

By

Published : Apr 23, 2021, 3:13 PM IST

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ সময়তেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় । শুকুৰবাৰে পুৱাই মুম্বাইৰ পালঘৰ জিলাৰ ভাচাইৰ এটা ক'ভিড কেন্দ্ৰত সংঘটিত হয় অগ্নিকাণ্ডৰ । ফলত ১৩ জনকৈ ক'ভিড ৰোগীৱে এই ঘটনাত প্ৰাণ হেৰুৱায় । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিৰাৰ পশ্চিমৰ বিজয় বল্লভ চিকিৎসালয়ৰ আই চি ইউত পুৱা ৩ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । সম্প্ৰতি চিকিৎসালয়খনত প্ৰায় ৯৫ জন ৰোগী চিকিৎসাধীন হৈ আছে আৰু অক্সিজেনৰ প্ৰয়োজন হোৱা ৰোগীসকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

জিলা দুৰ্যোগ প্ৰশমন কোষৰ মুখ্য বিষয়া বিবেকানন্দ কাদমে জনোৱা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আই চি ইউৰ এটা এচি গোটত বিস্ফোৰণ হোৱাত এই অগ্নিকাণ্ড সংঘটিত হয় । ইফালে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

ইফালে, দুৰ্ঘটনাতোৰ পাচত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ঘটনাটোক লৈ শোক প্ৰকাশ কৰি স্থানীয় প্ৰশাসনক অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । উল্লেখযোগ্য যে, দুদিন পূৰ্বে নাছিকৰ ডাঃ জাকিৰ হুছেইন চিকিৎসালয়ত অক্সিজেন বিস্ফোৰণ হোৱাৰ ফলত প্ৰায় ২৪ জন ৰোগী নিহত হৈছিল ।

লগতে পঢ়ক: অধিক ভয়াৱহ ক'ভিড-১৯ৰ ট্ৰিপল মিউটেণ্ট ষ্ট্ৰেইন : বিশেষজ্ঞৰ সকিয়নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.