ETV Bharat / bharat

Fire accident: আৰিয়ালুৰ জিলাৰ আতচবাজীত দোকানত বিধ্বংসী অগ্নিকাণ্ড, ৭ জন নিহত

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:05 PM IST

তামিলনাডুৰ ভিৰাকালুৰ গাঁৱত ইয়াজ ক্ৰেকাৰ নামৰ এখন দোকানত আতচবাজী বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এগৰাকী মহিলাসহ 7 জন লোকৰ মৃত্যু হৈছে ৷

আৰিয়ালুৰ জিলাৰ আতচবাজীত দোকানত বিধ্বংসী অগ্নিকাণ্ড, ৭ জন নিহত

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: তামিলনাডুৰ ৰাজেন্দ্ৰনে আৰিয়ালুৰ জিলাৰ ভিৰাকালুৰ গাঁৱত ইয়াজ ক্ৰেকাৰ নামৰ এখন দোকানত সোমবাৰে পুৱা প্ৰায় 9.30 বজাত আতচবাজী বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জানিব পৰামতে, আজি পুৱা আতচবাজী প্ৰস্তুত কৰাৰ সময়ত দোকনখনত বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এতিয়ালৈকে এগৰাকী মহিলাসহ 7 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে 6 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ততাতৈয়াকৈ আহত লোককেইগৰাকীক উদ্ধাৰ কৰি থাঞ্জাভুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ইফালে বিস্ফোৰণৰ ভয়ংকৰ শব্দ শুনি ওচৰৰ লোকসকল আতংকিত হৈ পৰে ৷ ওচৰৰ গাঁওসমূহৰ লোকসকলে আতচবাজীৰ ধোঁৱা আৰু জুই দেখি আচৰিত হৈ ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে আৰিয়ালুৰ আৰু ইয়াৰ সমীপৰ অঞ্চলৰ পৰা তিনিখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰে ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত আয়ুক্ত এনি মেৰী আৰু জিলা আৰক্ষী অধীক্ষক আব্দুল্লা উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাস্থলীৰ পৰা প্ৰায় আধা কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ আতচবাজী সামগ্ৰী যাতে বিয়পি নপৰে তাৰ বাবে অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হৈছে ৷

তদুপৰি, ৰাজহ বিভাগ আৰু আৰক্ষীয়ে আহত আৰু মৃতসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে ৷ এই বিস্ফোৰণৰ পিচত দোকানখনত কাম কৰি থকা বহু লোকে পলায়ন কৰে ৷ কিলাপালুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷ এই অগ্নিকাণ্ডৰ ঘটনাত 1 খন ভান, 9 খন মটৰচাইকেল আৰু এখন ট্ৰেক্টৰ জ্বলি ভষ্মীভূত হয় ৷ ইতিমধ্যে দুটা আচতবাজীৰ ভাণ্ডাৰ ভস্মীভূত হৈছে ৷

লগতে পঢ়ক: Woman targeted by snatchers in Delhi: দিল্লীত হাংগেৰীৰ পৰ্যটকৰ বেগ কাঢ়ি নিলে দুস্কৃতিকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.