ETV Bharat / bharat

FIR against Journalist : সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মণিপুৰ চৰকাৰে - Journalists in Manipur

Editors Guild ৰ সদস্যৰ বিৰুদ্ধে মণিপুৰৰ চৰকাৰৰ এজাহাৰ ৷ FIR No. 745(9)/2023 অধীনত পঞ্জীয়ন হৈছে গোচৰ ৷ ভাৰতীয় দণ্ডবিধিৰ 153(A)/295/298/505(I)(B)/ 505(2)/499/120(B) IPC- 6(A) IT act and 13 PC Act অধীনত গোচৰ ৰুজু কৰা হৈছে ।

FIR against Journalist
সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মণিপুৰ চৰকাৰে
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 3:45 PM IST

তেজপুৰ, 4 ছেপ্টেম্বৰ: অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি অধিক অৱনমিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত মণিপুৰ চৰকাৰে গোচৰ ৰুজু কৰিছে সাংবাদিকৰ বিৰুদ্ধে ৷ Editors Guild ৰ সদস্যসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে এফআইআৰ দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনায় । ইয়াৰ পিচতে Editors Guild ৰ তথ্য সন্ধানৰ প্ৰতিবেদনক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ।

FIR against Journalist
সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মণিপুৰ চৰকাৰে

সিঙে কয় যে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ বৰ্তমানৰ গোচৰটো গ্ৰহণ কৰিছে । এই অগ্নিগৰ্ভা পৰিস্থিতিৰ সময়তো ইজিআইয়ে ভুল প্ৰতিবেদন দাখিল কৰাটো তীক্ষ্ণ নিন্দা কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । এনে প্ৰতিবেদনে বৰ্তমানৰ সংকট আৰু অধিক ভয়াৱহ কৰি তুলিব বা তীব্ৰতৰ কৰি তুলিব বুলি আশংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, " ইজিআইয়ে বৰ্তমানৰ সংকটৰ পৰিস্থিতিৰ কাৰণ সন্দৰ্ভত বিশেষ একো নাজানে । ৰাজ্য চৰকাৰৰ হাতত এই সংকট সৃষ্টিৰ সকলো প্ৰমাণ আছে । যদি তেওঁলোকে বিচাৰে তেন্তে তেওঁলোকে আমাৰ পৰা সেইখিনি ল’ব পাৰে । ইজিআইয়ে এনে ভুল প্ৰতিবেদন উপস্থাপন কৰাটো লজ্জাজনক ঘটনা । তেওঁলোকৰ প্ৰতিবেদন দেখি তেওঁলোকৰ কেৱল ৰাষ্ট্ৰ বিৰোধী বা জাতি বিৰোধী স্থিতি উন্মোচিত হৈছে ।"

7 আগষ্টৰ পৰা 10 আগষ্টলৈকে মণিপুৰলৈ অহা সীমা গুহ, সঞ্জয় কাপুৰ, আৰু ভাৰত ভূষণৰ বিৰুদ্ধে প্ৰথম তথ্য এজাহাৰ দাখিল কৰে ইম্ফলৰ সমাজকৰ্মী এন শৰৎ সিঙে । ইজিআইৰ সভাপতিগৰাকীকো এজাহাৰত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । গোচৰটোত উল্লেখ কৰা হৈছে যে ইজিআইৰ প্ৰতিবেদনত চুৰাচান্দপুৰ জিলাৰ এটা জ্বলি থকা অট্টালিকাৰ ফটোখনৰ কেপচনত "কুকি ঘৰ" বুলি উল্লেখ কৰা হৈছে । ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা 65 কিলোমিটাৰ দূৰত্বত অৱস্থিত জিলাখনত বৃহত্তৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ দিনা 3 মে’ত বন বিভাগৰ এটা বিট অফিচত জুই লগাইছিল । উপত্যকাৰ সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠ কুকি জনগোষ্ঠীয়ে মেইটেইসকলৰ অনুসূচিত জনজাতি (এছটি) মৰ্যাদাৰ দাবীক লৈ চলা এই হিংসাত্মক ঘটনাই ইতিমধ্যে 5 মাহত প্ৰৱেশ কৰিছে ৷

3 মে’ৰ সন্ধিয়া এজন আৰক্ষী জোৱান উপ-পৰিদৰ্শক জাংখোলাল কিপগেনে দাখিল কৰা এজাহাৰত কোৱা হৈছে যে “বহু সংখ্যক ক্ষোভিতই বন বিভাগৰ কাৰ্যালয়টোক “জুই বা বিস্ফোৰক পদাৰ্থৰে” ক্ষতিগ্ৰস্ত কৰে । ইয়াৰ পিছতে ইজিআইয়ে X ত প্ৰকাশ কৰা এটা পোষ্টত নিজৰ প্ৰতিবেদনত হোৱা ভুলটো স্বীকাৰ কৰি কয় যে ইয়াক “শুধৰোৱা হৈছে আৰু অতি সোনকালে প্ৰতিবেদন আপলোড কৰা হ’ব ।"

ইজিআইয়ে কয় যে ফটো সম্পাদনাৰ পৰ্যায়ত সোমাই পৰা ভুলৰ বাবে আমি দুখ প্ৰকাশ কৰিছো । আনহাতে দেওবাৰে মণিপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা FIR খন ইতিমধ্যে পঞ্জীয়ন হৈছে FIR No. 745(9)/2023 ৷ ভাৰতীয় দণ্ডবিধিৰ 153(A)/295/298/505(I)(B)/ 505(2)/499/120(B) IPC- 6(A) IT act and 13 PC Act অধীনত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: Palladam Family Murder: চাঞ্চল্যকৰ ! নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ 4 সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.