ETV Bharat / bharat

শিৱসেনাৰ সাত সদস্যৰ বিৰুদ্ধে এজাহাৰ - বিজেৱাইএম কৰ্মী আৰু শিৱসেনাৰ মাজত হতাহতি

শিৱসেনাৰ সাতগৰাকীকৈ নেতা আৰু কৰ্মীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ এজাহাৰ ৷ ভাৰতীয় জনতা যুৱ মৰ্চা(BJYM)ৰ কৰ্মীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পাচতে শিৱসেনাৰ নেতা আৰু কৰ্মী কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

FIR against 7 Shiv Sena members
শিৱসেনাৰ সাত সদস্যৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : Jun 17, 2021, 10:32 AM IST

নেচনেল ডেস্ক, 17 জুন: বুধবাৰে দাদৰত থকা শিৱসেনাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ভাৰতীয় জনতা যুৱ মৰ্চা (BJYM) আৰু শিৱসেনাৰ কৰ্মীসকল এক সংঘৰ্ষত লিপ্ত থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে শিৱসেনাৰ সাত গৰাকীকৈ নেতা আৰু কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

এক বিবৃতিযোগে আৰক্ষীয়ে এইবুলি কয়, "মাহিম আৰক্ষীয়ে বিজেৱাইএম কৰ্মী আৰু শিৱসেনাৰ মাজত হোৱা হতাহতিৰ সন্দৰ্ভত শিৱসেনাৰ সাতজন নেতা কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 141, 143, 147, 149, 392, 324, 323, 354 আৰু 509 অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ "

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি চুক্তিৰ কেলেংকাৰীক সন্দৰ্ভত শিৱসেনাই কৰা সমালোচনাক লৈ দাদৰৰ শিৱসেনা ভৱনৰ বাহিৰত বিজেৱাইএমৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাচতে দুয়োটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ উক্ত ঘটনাৰ পাচত আৰক্ষীয়ে বিজেৱাইএমৰ প্ৰায় 40 গৰাকী কৰ্মীক আটক কৰে ৷

উল্লেখ্য যে, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি চুক্তি কেলেংকাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপৰ পোষকতা কৰি 'সামনা'ই মঙলবাৰে এটা সম্পাদকীয় প্ৰকাশ কৰাৰ পাচতে বিজেপিৰ যুৱ মৰ্চাই শিৱসেনাৰ মুখ্য কাৰ্যালয় আৰু দাদৰৰ শিৱসেনা ভৱনৰ সন্মুখত প্ৰতিবাদৰ প্ৰতিবাদী সমদলৰ আহ্বান জনাইছিল ৷ শিৱসেনাৰ মুখপত্ৰ 'সামনা'ই ৰামমন্দিৰ নিৰ্মাণক এক ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয় আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত যাতে কোনো ধৰণৰ কেলেংকাৰী নহয় সেই কথা নিশ্চিত কৰাৰ আহ্বান জনাইছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.