ETV Bharat / bharat

Union Budget 2022 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিলে 2021-22 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন (Parliament Budget 2022) ৷ অধিৱেশনৰ প্ৰথম দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰে অৰ্থনৈতিক সমীক্ষা ৷ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক বিৱৰণ উল্লেখ কৰা হৈছে এই সমীক্ষাত ৷

author img

By

Published : Jan 31, 2022, 5:17 PM IST

Parliament Budget 2022
সংসদৰ বাজেট অধিৱেশন

নিউজ ডেস্ক: সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা (Nirmala Sitharaman tabled Economic Survey) ৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ ঘৰুৱা উৎপাদন ৮ ৰ পৰা ৮.৫ শতাংশলৈ বৃদ্ধিৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে । এই পৰিমান ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে(NSO) গ্ৰহণ কৰা 9.2 শতাংশ জিডিপি সম্প্ৰসাৰণ প্ৰকল্পৰ লগত তুলনা কৰা হৈছে ।

অৰ্থনৈতিক সমীক্ষা 2021-22ত বিভিন্ন অৰ্থনৈতিক খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰো বিৱৰণ দিয়া হৈছে ৷ সমীক্ষাত প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (Gross domestic product) ৭.৩ শতাংশলৈ হ্ৰাস পাইছে । জৰীপটোৱে (Economic Survey 2022) ভাৰতীয় অৰ্থনীতিৰ স্থিতিস্থাপকতা উন্নত কৰাৰ বাবে যোগান ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, বিত্তমন্ত্ৰীগৰাকীয়ে সোমবাৰে লোকসভাত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা উচ্চ সদনত উত্থাপন কৰা হ'ব ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ কৰা হয় সংসদৰ বাজেট অধিৱেশন ৷ এই বাজেট অধিৱেশন (Budget session 2022) ৰ প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় অংশ ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: ৰাজ্যসভাৰ গণিত : বিজেপিয়ে এখন আসন এৰি দিব পাৰে ইউ পি পি এলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.