ETV Bharat / bharat

Nirmala Sitharaman on ADB: আঞ্চলিক উন্নয়নৰ বাবে এডিবিৰ শক্তিশালী ভূমিকাৰ কথা উল্লেখ নিৰ্মলা সীতাৰমণৰ - Nirmala Sitharaman South Korea visit

বৰ্তমান দক্ষিণ কোৰিয়া ভ্ৰমণত আছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (Nirmala Sitharaman South Korea visit) । তাত তেওঁ এছিয়ান ডেভেলপমেণ্ট বেংকৰ 56 সংখ্যক বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিবলৈ গৈছে । তেওঁ এছিয়ান ডেভেলপমেণ্ট বেংকৰ (Asian Development Bank) প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও বিষয় উত্থাপন কৰে ।

Nirmala Sitharaman on ADB
Nirmala Sitharaman on ADB
author img

By

Published : May 4, 2023, 8:19 PM IST

নিউজ ডেস্ক, ৪ মে' : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এক শক্তিশালী এছিয়ান ডেভেলপমেণ্ট বেংকৰ (Asian Development Bank) প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই সম্পৰ্কে সীতাৰমণে বৃহস্পতিবাৰে কয় যে, আমাক এনে এটা এডিবিৰ প্ৰয়োজন, যিয়ে কেৱল বহনক্ষম আৰু স্থিতিস্থাপক আঞ্চলিক বিকাশৰ বাবেই বিকাশশীল নহয় এক পৰিৱৰ্তনশীল দৃষ্টিভংগী গ্ৰহণ কৰে ।

সীতাৰমণে কয় যে, বৰ্তমান বিশ্বই ইন্ধন, খাদ্য, সাৰ, ঋণ, শক্তি, যোগান শৃংখলা, বিত্তীয় স্থিৰতা আদিৰ পুনৰ প্ৰতিষ্ঠাৰ মাজেৰে গতি কৰিছে । এনে পৰিস্থিতিত আমাক এক শক্তিশালী এডিবিৰ প্ৰয়োজন যিয়ে বৃদ্ধিশীল দৃষ্টিভংগীৰ সলনি এক পৰিৱৰ্তনশীল দৃষ্টিভংগী গ্ৰহণ কৰে (Finance Minister Nirmala Sitharaman) ।

উল্লেখ্য, নিৰ্মলা সীতাৰমণে এডিবিৰ ৫৬ সংখ্যক বাৰ্ষিক সভাত (ADB 56th annual meet) অংশগ্ৰহণ কৰিবলৈ দক্ষিণ কোৰিয়া ভ্ৰমণত আছে (Nirmala Sitharaman South Korea visit) । ভাৰত এই বেংকটোৰ কেৱল প্ৰতিষ্ঠাপক সদস্যয়েই নহয়, ১৯৬৬ চনত গঠন হোৱা এই বহুপাক্ষিক বিত্তীয় সংস্থাটোৰ চতুৰ্থ সৰ্ববৃহৎ অংশীদাৰো ।

এছিয়ান ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰ বোৰ্ডৰ বৈঠকত ভাষণ দি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, বাৰ্ষিক বৈঠকৰ বিষয়বস্তু হৈছে 'ৰিবাউণ্ডিং এছিয়া : ৰিক'ভাৰ, ৰিকানেক্ট এণ্ড ৰিফৰ্ম', যিটো ভাৰতৰ জি-২০ সভাপতিত্বৰ চিন্তা আৰু 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' শীৰ্ষক বিষয়বস্তুৰ সৈতে সামঞ্জস্যপূৰ্ণ (Nirmala Sitharaman attending ADB annual meet)।

সীতাৰমণে কয় লগতে যে, কোভিড পৰৱৰ্তী বিশ্বত উন্নয়নশীল দেশসমূহৰ সদস্যসকলে এডিবিৰ পৰা অধিক সম্পদ আৰু কাৰ্যকৰী দক্ষতা আশা কৰে । তেওঁ কয় যে, এনে পৰিস্থিতিত চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ সৈতে নতুনকৈ সম্পৰ্ক স্থাপন কৰাটো প্ৰয়োজনীয় । তেওঁ কয় যে, এডিবিয়ে দৰিদ্ৰতা হ্ৰাস আৰু নিম্ন আয়ৰ দেশসমূহৰ বিকাশৰ মূল কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বব্যাপী ৰাজহুৱা সামগ্ৰীৰ ওপৰতো গুৰুত্ব দিব লাগে ।

আনহাতে, ভাৰতীয় অৰ্থনীতি সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ অৰ্থনৈতিক অনিশ্চয়তা সত্ত্বেও ই শক্তিশালী হৈ আছে । তেওঁ লগতে আশ্বাস দিয়ে যে ভাৰতে জলবায়ু বিত্তকে ধৰি অন্যান্য বিষয়ত এডিবিক সমৰ্থন অব্যাহত ৰাখিব ।

লগতে পঢ়ক :Wrestlers Protest at Jantar Mantar : যন্তৰ-মন্তৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.