ETV Bharat / bharat

Conflicts between male rhinos : সংগীৰ বাবে মতা গঁড়ৰ মাজত যুঁজ, গঁড়ৰ সংখ্যা হ্ৰাসৰ অন্যতম কাৰণ বাখ্যা বন বিভাগৰ

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:51 PM IST

পশ্চিমবংগৰ গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান আৰু জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান মূলত এশিঙীয়া গঁড়ৰ বাবে জনাজাত । কিন্তু তাত গঁড়ৰ সংখ্যা হ্ৰাস পাইছে । মতা আৰু মাইকী গঁড়ৰ অনুপাতৰ ভাৰসাম্যহীনতাৰ বাবে এনে হৈছে । এই সমস্যা সমাধানৰ বাবে গঁড়ৰ বিনিময়ৰ দৰে পদক্ষেপ লৈছে বন বিভাগে ।

Conflicts between male rhinos
সংগীৰ বাবে মতা গঁড়ৰ মাজত যুঁজ

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : পশ্চিমবংগত এশিঙীয়া গঁড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । চৰকাৰী সূত্ৰৰ মতে মতা গঁড়ৰ মাজত হোৱা কাজিয়াৰ ফলতে বহু গঁড়ৰ মৃত্যু হৈছে । সূত্ৰৰ মতে সংগীৰ বাবে প্ৰায় মতা গঁড়বোৰৰ মাজত সংঘৰ্ষ হয় । এই সমস্যাটো মতা আৰু মাইকী গঁড়ৰ অনুপাতৰ ভাৰসাম্যহীনতাৰ বাবে হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে । এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে বৈজ্ঞানিক দৃষ্টিভংগী অনুসৰণ কৰি পদক্ষেপ গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে ।

গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান আৰু জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত মতা গঁড়ৰ মাজত চলি থকা আক্ৰমণৰ বাবে বন বিভাগ চিন্তিত হৈ পৰিছে । মতা গঁড়বোৰৰ যুঁজৰ ফলত কিছুমান গঁড় বনাঞ্চলৰ পৰা পলায়ন কৰে আৰু সেই সময়তে চোৰাং চিকাৰীয়ে সুযোগ লয় । চোৰাং চিকাৰীৰ ফলত কেইবাটাও গঁড়ৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে যদিও বিশেষজ্ঞসকলে বিশ্বাস কৰা মতে মৃত্যুৰ আন এক মুখ্য কাৰণ হৈছে গঁড়বোৰৰ মাজৰ যুঁজ ।

পশ্চিমবংগত ১৯৯০ চনৰ পৰা কেৱল গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান আৰু জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানতে গঁড়ৰ বাসস্থানৰ বৃদ্ধি হৈছে । গঁড়ৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছিল । কিন্তু মাইকীতকৈ মতা গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে । ফলস্বৰূপে সংগীৰ বাবে প্ৰায়ে মতা গঁড়ৰ মাজত যুঁজ লাগে । যাৰ বাবে এতিয়া গঁড়ৰ সংখ্যাও কিছু হ্ৰাস পাইছে ।

মাইকী আৰু মতা গঁড়ৰ অনুপাত প্ৰতিটো মতা গঁড়ৰ বিপৰীতে তিনিটা মাইকী গঁড় হ'ব লাগে । অৰ্থাৎ সঙ্গমৰ বাবে এটা মতা গঁড়ক তিনিটা মাইকী গঁড়ৰ প্ৰয়োজন । কিন্তু এতিয়া সেই সমানুপাতৰ হাৰ হৈছে ১:১ ।

বিশেষজ্ঞসকলৰ মতে একেটা জিনৰ গঁড়ৰ মাজত প্ৰজনন হ'লে ভৱিষ্যতে জটিল ৰোগৰ সম্ভাৱনা থাকে । যিহেতু মতা গঁড়ৰ অনুপাত অধিক সেয়ে নিজৰ মাজতে যুঁজ লাগে । ২০২২ চনত গঁড়ৰ সংখ্যা গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানৰ ৮৯ বৰ্গ কিলোমিটাৰ আৰু জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানৰ ২১৬ বৰ্গ কিলোমিটাৰ বনাঞ্চলত ক্ৰমান্বয়ে ৫৫ আৰু ২৯২ টা আছিল ।

২০১৯ চনত গৰুমাৰাত গঁড়ৰ সংখ্যা আছিল ৫২ টা । তাৰ ভিতৰত ২৫ টা মতা আৰু ১৭ টা মাইকী গঁড় । আনহাতে ১০ টা গঁড় সঙ্গম কৰিব নোৱাৰে । ২০২২ চনত গৰুমাৰাত গঁড়ৰ সংখ্যা ৫৫ লৈ বৃদ্ধি হয় । তাৰ ভিতৰত ২৪ টা মাইকী আৰু ২১ টা মতা । আন ১০ টা গঁড়ৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা নগ'ল ।

একেদৰে ২০১৯ চনত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা আছিল ২৩৭ টা । তাৰ ভিতৰত ৯৮ টা মতা, ৯৪ টা মাইকী আৰু ৪৫ টাই সঙ্গম কৰিব নোৱাৰে । ১৯৯৮ চনত গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানত ১৮ টা গঁড় আছিল । ২০২২ চনত এই সংখ্যা ৫৫ লৈ বৃদ্ধি পাইছিল । আনহাতে, ১৯৮৫ চনত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ টা গঁড়ৰ পৰা এতিয়া ২৯২ টা গঁড় হৈছে । যদি মতা আৰু মাইকী গঁড়ৰ অনুপাত সঠিক হয়, গঁড়ৰ সংখ্যা বৃদ্ধি হ'ব বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে ।

বৰ্তমান ৰাজ্য চৰকাৰে গৰুমাৰা আৰু জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ মাজত বিনিময়ৰ পৰিকল্পনা কৰা হৈছে । যাতে জিনবোৰ প্ৰজননৰ দ্বাৰা সলনি কৰিব পৰা যায় । আনহাতে, লিংগ সন্তুলনো ৰক্ষা কৰা হ'ব । ফলস্বৰূপে, সঙ্গমৰ বাবে হোৱা যুঁজৰ ফলত গঁড়ৰ মৃত্যুৰ সংখ্যা কমিব । প্ৰজননৰ ফলত, গঁড়ৰ সংখ্যাও বৃদ্ধি পাব । স্বেচ্ছাসেৱী সংগঠন স্পোৰৰ মুখপাত্ৰ শ্যামা প্ৰসাদ পাণ্ডেয়ে কয় যে চৰকাৰে এই ক্ষেত্ৰত বৈজ্ঞানিক চিন্তা কৰা উচিত ।

ৰাজ্যৰ বন মন্ত্ৰী জ্যোতিপ্ৰিয়া মল্লিকে কয় যে চৰকাৰে দুয়োখন ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ বিনিময়ৰ পদক্ষেপ লৈছে । ইয়াৰ ফলত বাকী সমস্যাৰ লগতে আনুবংশিক সমস্যাবোৰো আঁতৰ কৰা হ'ব ।

বন বিভাগৰ তথ্য অনুসৰি ২০১৮ চনৰ ১০ ফেব্ৰুৱাৰীত ধুপজোৰা বিটত কাঞ্চী নামৰ আঢ়ৈ বছৰীয়া মাইকী গঁড়ৰ মৃত্যু হৈছিল । বলপূৰ্বক সহবাসৰ ফলত গঁড়টোৰ মৃত্যু হৈছিল । তাৰ পূৰ্বে ২০১৭ চনৰ ৮ নৱেম্বৰত সঙ্গমৰ বাবে দুটা মতা গঁড়ৰ মাজৰ যুঁজত এটা মতা গঁড়ৰ মৃত্যু হৈছিল । ২০১৫ চনৰ ২১ ডিচেম্বৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল । দুটা প্ৰাপ্তবয়স্ক গঁড় যুঁজৰ পাছতে এটাৰ মৃত্যু হয় । ২০০৯ চনতো কংকটা নামৰ আন এটা মতা গঁড়ে গৰুমাৰা অৰণ্যৰ পৰা পলায়ন কৰে । লাটাগুৰিৰ অৰণ্যৰ মাজেৰে বৈকুণ্ঠপুৰৰ অৰণ্যত আশ্ৰয় লৈছিল যদিও পাছত গঁড়টোক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক :Indus Water Row : সিন্ধু নদীৰ পানী বিতৰ্ক; ভিয়েনাত নিৰপেক্ষ বিশেষজ্ঞ কাৰ্যক্ৰমত উপস্থিত ভাৰত পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.