ETV Bharat / bharat

Revolt within Tripura BJP: বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিচতেই ত্ৰিপুৰাত হিংসাত্মক পৰিৱেশ

author img

By

Published : Jan 28, 2023, 7:36 PM IST

বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিচতেই ত্ৰিপুৰা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ ৷ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰাক লৈ সমষ্টিয়ে সমষ্টিয়ে বিজেপি কৰ্মীৰ মাজত জ্বলিছে ক্ষোভৰ জুই ৷ ঠায়ে ঠায়ে সৃষ্টি হৈছে হিংসাত্মক ঘটনা ৷ চি পি আই (এম)ত যোগ দিয়াৰো হুংকাৰ একাংশ বিজেপি কৰ্মীৰ ৷

Revolt within Tripura BJP
বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিচতেই ত্ৰিপুৰাত হিংসাত্মক পৰিৱেশ

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ(Tripura assembly election) বাবে বৃদ্ধি পাইছে তৎপৰতা ৷ শনিবাৰে ত্ৰিপুৰা বিজেপিয়ে মুঠ 60খন আসনৰ বাবে প্ৰকাশ কৰিলে 48গৰাকী প্ৰাৰ্থীৰ তালিকা(Tripura BJP Candidate list) ৷ আনহাতে, শীঘ্ৰেই ঘোষণা কৰা হ’ব আন 12গৰাকী প্ৰাৰ্থীৰ নাম ৷

শনিবাৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পালে ঠিকেই ৷ কিন্তু প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিচতেই ত্ৰিপুৰা বিজেপিত এতিয়া আৰম্ভ হৈছে আভ্যন্তৰীণ সংঘাত(Revolt within Tripura BJP) ৷ কাৰণ প্ৰকাশ পোৱা প্ৰাৰ্থীৰ তালিকাক লৈ সন্তুষ্ট নহয় বিজেপিৰ অধিকাংশ সমৰ্থক আৰু কাৰ্যকৰ্তা ৷ ফলত সমগ্ৰ ত্ৰিপুৰাতেই এতিয়া আৰম্ভ হৈছে অন্তঃকন্দল ৷

শনিবাৰে তালিকা প্ৰকাশ পোৱাৰ পিচতেই ত্ৰিপুৰাৰ বিভিন্ন স্থানত অসন্তুষ্ট কাৰ্যকৰ্তাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত অৱস্থিত বিজেপি কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে একাংশই অগ্নি সংযোগো কৰে কাৰ্যালয়ত(BJP office set on fire in Tripura) ৷ ৰাজ্যখনৰ চেপাহিজালা নামৰ জিলাখনৰ কমলাসাগৰ বিধানসভা সমষ্টি, চণ্ডিপুৰ বিধানসভা সমষ্টি, কদমতল বিধানসভা সমষ্টি আৰু বাগবাছা বিধানসভা সমষ্টিত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা গৈছে(Internal conflict in Tripura BJP) ৷

কমলাসাগৰ বিধানসভা সমষ্টিত মণ্ডল সভাপতি সুবিৰ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলি স্থানীয় বিজেপিৰ সমৰ্থক আৰু কাৰ্যকৰ্তাসকলে আশা কৰিছিল যদিও অন্তৰা দেৱ চৰকাৰ নামৰ এগৰাকী মহিলা বিজেপি নেত্ৰীৰ নাম তালিকাভুক্ত কৰাৰ পিচতেই বিতুষ্ট হৈ পৰিছে দলীয়া কাৰ্যকৰ্তাসকল(Tripura BJP worker protest) ৷ যদিহে তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী সুবিৰ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেন্তে চি পি আই (এম)ত যোগদান কৰি চি পি আই (এম)ৰ(CPI M) মনোনিত প্ৰাৰ্থী হিৰন্ময় নাৰায়ণ দেৱনাথৰ বিজয় নিশ্চিত কৰিব বুলিও হুংকাৰ দিছে কাৰ্যকৰ্তাসকলে ৷

অৱশ্যে, প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পিচত সৃষ্টি হোৱা অসন্তুষ্টি সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৷ ইফালে, বাগবাছা বিধানসভা সমষ্টিত বিজেপিৰ মনোনিত প্ৰাৰ্থী যাদৱ লাল নাথৰ বিৰুদ্ধেও বিজেপিৰ স্থানীয় কাৰ্যকৰ্তাই সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ লগতে সমষ্টিটোৰ কেইটাও বুথত অগ্নি সংযোগো কৰে ক্ষুব্ধ সমৰ্থকে ৷

ৰাজ্যখনৰ বিজেপিৰ সমৰ্থক আৰু কাৰ্যকৰ্তাই সৃষ্টি কৰা হিংসাত্মক পৰিৱেশ ৰোধৰ বাবে মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী ৷ লগতে মোতায়েন কৰা হৈছে আৰ্ধ সামৰিক বাহিনীৰ জোৱানো ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.