ETV Bharat / bharat

Rape in UP police: চুলতানপুৰত আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

উত্তৰ প্ৰদেশত ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে আৰক্ষী (Rape in UP police)। ৰাজ্য়খনত এইবাৰ আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা কনিষ্টবলে ।

author img

By

Published : Jul 16, 2022, 2:02 PM IST

y
t

নেচনেল ডেস্ক,১৬ জুলাই: উত্তৰ প্ৰদেশত ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে আৰক্ষী (Rape in UP police)। ৰাজ্য়খনত এইবাৰ এজন আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা কনিষ্টবলে । ঘটনাৰ বিৱৰণি অনুসৰি চুলতানপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিযুক্ত এগৰাকী মহিলা কনিষ্টবলক আমেঠি জিলাৰ চুলতানপুৰত নিয়োজিত নিশু তোমাৰ নামৰ এজন আৰক্ষী পৰিদৰ্শকে বলাৎকাৰ কৰিছিল (Sultanpur Superintendent of Police)। কনিষ্টবলগৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে, ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া তোমাৰক চুলতানপুৰত নিযুক্তি দিয়া হৈছিল ।

আৰক্ষীয়ে ইতিমধ্য়ে উক্ত সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষী বিষয়া(মহানগৰ)ৰাঘৱেন্দ্ৰ চতুৰ্বেদীয়ে কয় যে শুকুৰবাৰে কোতৱালী নগৰ আৰক্ষী থানাত এগৰাকী মহিলা কনিষ্টবলে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে (Kotwali Nagra Police Station)। এই অভিযোগৰ ভিত্তিত আৰক্ষী পৰিদৰ্শক নিশু তোমাৰৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

ইপিনে, মহিলা কনিষ্টবগৰাকীয়ে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত আৰক্ষী পৰিদৰ্শক নিশু তোমাৰ । তোমাৰে অভিযোগ খণ্ডন কৰি কয় যে মহিলাগৰাকীক ভুৱা এজাহাৰৰ জৰিয়তে তেওঁক বদনাম কৰিব বিচাৰিছে । আৰক্ষী পৰিদৰ্শক তোমাৰে কয় যে মহিলা কনিষ্টবগৰাকীয়ে তেওঁৰ পৰা টকা ধাৰে লৈছিল । এই ধাৰে লোৱা ধন ঘূৰাই দিবলৈ কোৱাৰ পিছতেই কনিষ্টবগৰাকীয়ে তেওঁৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰিছে । এই অভিযোগ আৰু প্ৰতিঅভিযোগৰ তদন্ত আৰম্ভ কৰিছে বুলি সদৰি কৰিছে আৰক্ষী বিষয়া (মহানগৰ) ৰাঘৱেন্দ্ৰ চতুৰ্বেদীয়ে (Police Officer City Raghavendra Chaturvedi)।

লগতে পঢ়ক:etv comment image Thumbnail image কিশোৰীক এবছৰে ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.