নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী : ভয় আৰু শংকাত বৰ্তমান দিন অতিবাহিত কৰিছে মেঘালয়ৰ হৰিজন কল'নীত বসবাস কৰা প্ৰায় 2500 টা পৰিয়ালে ৷ যি সমূহ পৰিয়াল বৰ্তমান 'খাচী হিলচ স্বায়ত্ব শাসিত পৰিষদ'ৰ পিচত মেঘালয়ৰ ৰাজধানী শ্বিলংত পঞ্জাৱী লাইন ৰূপে জনাজাত ৷ কিন্তু বৰ্তমান তেওঁলোকে বসবাস কৰা 'হৰিজন কলনী'ৰ সেই ভূমিক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ যাৰবাবে ৰাজ্য চৰকাৰৰ সৈতে হিমা মাইলিমৰ এখন চুক্তি স্বাক্ষৰ কৰিবলৈ প্ৰস্তুত হৈছিল য'ত চুক্তিৰ জৰিয়তে 'হৰিজন কলনী'ক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰি অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচৰা হৈছিল ৷
উল্লেখ্য যে, 1853 চনতে ব্ৰিটিছে 300 শিখ পৰিয়ালক মেঘালয়লৈ আনিছিল ৷ বিশেষকৈ চাফ-চিকুন কৰা কামত নিয়োজিত কৰিবলৈ পৰিয়াল সমূহক অনা হৈছিল ৷ কিন্তু বৰ্তমান তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হৈ প্ৰায় 2500 টা পৰিয়াল হৈছিল ৷
আনহাতে, মেঘালয় চৰকাৰে 'হৰিজন কলনী'ৰ লোক সকলক উক্ত স্থানৰ পৰা বেদখল কৰিবৰ বাবে চেষ্টা চলাইছিল আৰু সেই বিষয়ক কেন্দ্ৰ কৰিয়ে 2018 চনত স্থানীয় খাচী লোক আৰু শিখ সম্প্ৰদায়ৰ লোকৰ মাজত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ উল্লেখনীয় যে, হিংসাত্মক পৰিস্থিতি শিখ সম্প্ৰদায় আৰু এজন স্থানীয় বাছৰ কৰ্মচাৰীৰ মাজত সংঘটিত হৈছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ দ্বাৰা 'হৰিজন কলনী'ৰ শিখ সম্প্ৰদায়ৰ লোক সকলৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷ আনকি, স্থানীয় লোকে শিখ সম্প্ৰদায়ৰ লোকৰ বহু কেইখন দোকান জ্বলাই দিবলৈ সক্ষম হৈছিল ৷ ঘটনা ইমানে উত্তপ্ত আছিল যে, বহু দিনলৈ ৰাজ্যখনত সান্ধ আইন জাৰি কৰিবলৈ সক্ষম হৈছিল ৷ আনকি, ৰাজ্যপালৰ নিৰ্দেশত অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী মোতায়ন কৰিবলৈ বাধ্য হৈছিল ৰাজ্যখনত ৷
লগতে পঢ়ক : বৰাকৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত নিযুক্তিক লৈ উত্তপ্ত পৰিস্থিতি
ইফালে, উক্ত বিষয়ক কেন্দ্ৰ কৰি 'খাচী হিলচ স্বায়ত্ব পৰিষদ'ৰ মুখ্য কাৰ্যবাহী সদস্য টিটোষ্টাৰওয়েল কাইনে সোমবাৰে জনাই যে, হিমা মাইলিমৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৰাজ্য চৰকাৰৰ সৈতে শিখ সম্প্ৰদায়ৰ লোক সকলক স্থানান্তৰিত কৰিবৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব ৷ কিন্তু হিমা মেলিমেৰ চিয়মে পৰিষদৰ অনুমোদন অবিহনে চুক্তিত স্বাক্ষৰ কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে ৷
একেদৰে, 2 ফেব্ৰুৱাৰীত এখন অগ্ৰণী বাতৰি কাকতত প্ৰকাশ পোৱা অনুসৰি, 2018 চনৰ হিংসাত্ম ঘটনাৰ পিচত চৰকাৰে এখন উচ্চ স্তৰীয় কমিটী গঠন কৰি দিছিল ৷ যিখন কমিটীয়ে বিষয়ৰ তদন্ত কৰি সমস্যা সমাধানৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ আনহাতে, 'হৰিজন কলনী'ৰ এগৰাকী স্থায়ী বাসিন্দা তথা 'হৰিজন কলনী' পঞ্চায়তৰ সভাপতি গুৰজিৎ সিঙে জনোৱা অনুসৰি, গঠন কৰি দিয়া কমিটীয়ে এতিয়ালৈ কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই তেনেক্ষেত্ৰত কেনেকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব ৷ তেওঁ আকৌ জনাই যে, আমাৰ পূৰ্বপুৰুষ সকল 1853 চনৰ পৰাই এই স্থানত বসবাস কৰি আহিছে ৷ গতিকে, বৰ্তমান চৰকাৰে আমাক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰিব বিচৰাটো উচিত নহ'য় ৷
লগতে পঢ়ক : ১৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ৰামোজী ফিল্ম চিটি