ETV Bharat / bharat

টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা

অহা 15 ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামুলক কৰা হৈছে ফাষ্টটেগ ৷ টোলগেটৰ কৰ প্ৰদানৰ সময়ত এতিয়াৰে পৰা নাথাকিব নগদ লেন-দেন ৷ ফাষ্টটেগ নাথাকিলে দিব লাগিব দুগুণ জৰিমনা ৷

Fasttag will be mandatory from 15th Feb in Assam
টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা
author img

By

Published : Jan 28, 2021, 7:26 PM IST

নিউজ ডেস্ক, 28 জানুৱাৰী : পূৰ্বৰ পৰাই টোলগেটৰ কৰ আৰু এইবাৰ পুনৰ টোল কৰক লৈ একপক্ষীয় সিদ্ধান্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৷ যিটো সময়ত ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটক লৈ বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছে তেনে সময়তে পুনৰবাৰে টোলকৰ দুগুণ বৃদ্ধিৰ সিদ্ধান্তই আচৰিত কৰি তুলিছে সাধাৰণ জনতা ৷ অৱশ্যে এয়া সকলোৰে বাবে নহয় ৷

দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় সঞ্চালক আলোক কুমাৰে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত তেওঁ আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা সকলো বাহনৰ বাবে টোলকৰ প্ৰদানৰ ক্ষেত্ৰত ফাষ্টটেগৰ দ্বাৰা লেনদেন বাধ্যতামুলক কৰা হৈছে বুলি জনায় ৷ আইচিআইচিআই বেংকে প্ৰদান কৰা এই ফাষ্টটেগৰ দ্বাৰা টোলগেটত ডিজিটেল মাধ্যমেৰে সংগ্ৰহ কৰা হ’ব টোলকৰ ৷ এই ফাষ্টটেগ হৈছে এক বৈদ্যুতিক ষ্টীকাৰ য’ত সন্নিবিষ্ট হৈ থকা চীপে টোলগেটৰ কেমেৰাক বাহনৰ গৰাকীৰ বেংক একাউন্টৰ পৰা পোনপটীয়াকৈ কৰ সংগ্ৰহ কৰাত সহায় কৰে ৷ ইয়াৰ ফলত এতিয়াৰে পৰা আৰু টোলগেটত কৰ দিবৰ বাবে আপুনি ৰৈ থাকিব নালাগে ৷ কিন্তু যদিহে আপোনাৰ বাহনত ফাষ্টটেগ নাই তেতিয়া আপুনি ভৰিব লাগিব দুগুন জৰিমনা ৷

উল্লেখ্য যে, 2017 চনৰ 1 ডিচেম্বৰৰ পূৰ্বে বিক্ৰী কৰা M আৰু N শিতানৰ বাহনসমূহৰ বাবে 1 জানুৱাৰী, 2021ৰ পৰা ফাষ্টটেগ বাধ্যতামুলক কৰা হৈছে ৷ পথ পৰিবহন মন্ত্ৰালয়ে জনোৱা অনুসৰি, 15 ফেব্ৰুৱাৰীৰ পৰা টোলগেটসমূহত নগদ ধন সংগ্ৰহৰ বাবে এটাহে পথ মুকলি থাকিব ৷

লগতে পঢ়ক : মহিলাক অশ্লীন আচৰণ কৰি ৰঙা ঘৰৰ আলহী হল টোলগেটকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.