নেশ্যনেল ডেস্ক,30 মাৰ্চ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সদস্য ড৹ ফাৰুক আব্দুল্লা কৰ’ণাত আক্ৰান্ত হৈছে ৷ কোভিড-১৯ ৰ কিছুমান আনুষংগিক লক্ষণ দেখা দিয়াত আব্দুল্লাৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ এই পৰীক্ষাত ক’ভিড আক্ৰান্ত বুলি নিশ্চিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ এই কথা পুত্ৰ ওমৰ আব্দুল্লাই টুইটযোগে প্ৰকাশ কৰে ৷ বৰ্তমান পৰিয়ালৰ লোকসকলে আন লোকৰ পৰা আছুতীয়াকৈ থকাৰ কথা জানিব পৰা গৈছে ৷
পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা যিকোনো লোকক সকলো সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় ৷ এই মাহৰ আৰম্ভণিতে ফাৰুক আব্দুল্লাই শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছকেআইএমএছ)ত প্ৰথমটো কোভিড প্ৰতিষেধক লৈছিল । উদ্বেগজনকভাৱে মহামাৰীত আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত বৃদ্ধি পাইছে ।
লগতে পঢ়ক : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নিৰ্বাচনী সজাগতা সভা