ETV Bharat / bharat

দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ - মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবী

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ । দেশজুৰি ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংগঠনটোৱে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই ।

Farmers Unions call for 'rail roko'
দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ
author img

By

Published : Oct 18, 2021, 10:22 AM IST

নেশ্যনেল ডেস্ক, ১৮ অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৃষক সংগঠনসমূহে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni) আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে । সমান্তৰালকৈ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাকৈ বিৰোধী ৰাজনৈতিক দলসমূহেও কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ কোনো সুযোগ এৰি দিয়া নাই । এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি বিৰোধী দলৰ নেতাই ন্যায়ৰ দাবী কৰা পৰিলক্ষিত হৈছে ।

সোমবাৰে সংযুক্ত কিষাণ মৰ্চাই ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনায় । দেশৰ বিভিন্ন স্থানত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবী জনাইছে সংযুক্ত কিষাণ মৰ্চাই । দেওবাৰে কৃষক সংগঠনটোৱে এক বিবৃতি জাৰি কৰি ৰে'ল অৱৰোধ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায় । ১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ৰে'ল চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

ৰে'ল বিভাগৰ সম্পত্তিৰ ক্ষতিসাধন নকৰাকৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায় । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে অজয় মিশ্ৰ টেনিৰ ভাষণে হিন্দু আৰু শিখসকলৰ মাজত ঘৃণা, শত্ৰুতা আৰু সাম্প্ৰদায়িক বিভেদ বৃদ্ধি কৰিছিল । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীক মহতিয়াই নিবলৈ মন্ত্ৰীগৰাকীৰ বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ।

লগতে সংগঠনটোৱে অভিযোগ তোলে যে, মন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে আশীষ মিশ্ৰ টেনিলৈ চমন জাৰি কৰাৰ পাচতো পুত্ৰ আৰু আন সহায়কসকলক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছিল । সেয়ে মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই । উল্লেখ্য যে, লখিমপুৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকৰ মৃত্যু হৈছিল ।

সংযুক্ত কিষাণ মৰ্চাই অভিযোগ উত্থাপন কৰিছিল যে, আশীষ মিশ্ৰ টেনিয়ে এজন কৃষকক নিজে হত্যা কৰিছিল আৰু আনসকলক কনভয়ে মহতিয়াই নিছিল । অৱশ্যে মন্ত্ৰী টেনিয়ে এই অভিযোগ নস্যাৎ কৰি কৈছিল যে, ঘটনাটো সংঘটিত হোৱা স্থানত তেওঁৰ পুত্ৰ উপস্থিত নাছিল আৰু আশীষেও একেটা কথাকে কৈছিল । পাচত এই গোচৰ সন্দৰ্ভত আশীষ মিশ্ৰ টেনিকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয় । অভিযুক্ত আশীষ মিশ্ৰক যোৱা ১৪ অক্টোবৰত অপৰাধ শাখাত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.