ETV Bharat / bharat

কৃষক বিদ্ৰোহ : আজি চিল্লা সীমান্তত পথ অৱৰোধ কৃষকৰ - সিংঘু সীমান্ত

আজি চিল্লা সীমান্তত পথ অৱৰোধ কৰিব প্ৰতিবাদী কৃষকে ৷ আজি 21 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদে ৷

কৃষক বিদ্ৰোহ
আজি চিল্লা সীমান্তত পথ অৱৰোধ কৃষকৰ
author img

By

Published : Dec 16, 2020, 9:59 AM IST

নেশ্যনেল ডেস্ক, 16 ডিচেম্বৰ : তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা দেশৰ কৃষকসকলে মঙলবাৰে মন্তব্য কৰে যে, এই আন্দোলন বৰ্তমান এনে এক পৰ্যায়ত উপনীত হৈছে যিটো পৰ্যায়ৰ পৰা তেওঁলোকে যিকোনো প্ৰকাৰে জয়ী হ'বলৈ প্ৰতিজ্ঞাবদ্ধ ৷

তেওঁলোকে কয় যে, বুধবাৰে দিল্লী আৰু নয়দাৰ মাজৰ চিল্লা সীমান্ত সম্পূৰ্ণৰূপে অৱৰোধ কৰা হ'ব ৷ লগতে তেওঁলোকে কয় যে, কৃষি সংঘসমূহে বুজাবুজিৰ সিদ্ধান্তত উপনীত হোৱাৰ পৰা পলাই ফুৰা নাই বৰঞ্চ তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি লোৱাটো বিচাৰিছে ৷

সিংঘু সীমান্তত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা জগজীৎ সিং দাল্লেৱালে কয়, "চৰকাৰে কৈছে যে, তেওঁলোকে এই আইনকেইখন প্ৰত্যাহাৰ কৰিব নোৱাৰে, কিন্তু আমি কৈছো যে, এয়া আমি প্ৰত্যাহাৰ কৰাইহে এৰিম ৷"

আন এজন নেতা য়ুধবীৰ সিঙে কয় যে, যিমান বেছি দিনলৈ তেওঁলোক প্ৰতিবাদৰ অংশ হ'ব সিমানেই বেছিকৈ তেওঁলোকৰ প্ৰতিবাদ শক্তিশালী হৈ উঠিব ৷ তেওঁ লগতে কয় যে, চৰকাৰে ইয়াৰ বিপৰীতধৰ্মী চিন্তা ৰাখে যদি এয়া তেওঁলোকৰ ভুল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছিল যে, দিল্লীত থকা কৃষকসকলক কোনো লোকে বিপথে পৰিচালিত কৰিছে ৷ গুজৰাটত বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে, কৃষি আইন সন্দৰ্ভত তেওঁৰ চৰকাৰে কৃষকসকলৰ সৈতে মত বিনিময় কৰিছে ৷

মঙলবাৰে সিংঘু সীমান্তত এক সংবাদমেলত কৃষি সংঘসমূহৰ নেতাসকলে চলিত প্ৰতিবাদত প্ৰাণ হেৰুওৱা কৃষকসকললৈ শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে ৷ কৃষক নেতা ৰিশিপালে দাবী কৰে যে, নৱেম্বৰৰ অন্তিম সপ্তাহৰ পৰা আৰম্ভ হোৱা কৃষি আন্দোলনৰ ফলত প্ৰতিদিনে গড়ে এজনকৈ কৃষকৰ মৃত্যু হৈছে ৷ ৰিশিপালে সাংবাদিকক কয়, "প্ৰথমে চৰকাৰে তিনিখন আইন প্ৰত্যাহাৰ কৰিব লাগিব, তেতিয়াহে কৃষকসকলে আলোচনাত বহিব ৷"

তেওঁ কয় যে, দেশৰ 350 খন জিলাত প্ৰদৰ্শন কৰা প্ৰতিবাদী কাৰ্যসূচী সফল হৈছে ৷ উল্লেখ্য যে, যোৱা 20 দিন ধৰি দিল্লী সীমান্তত হাজাৰোধিক কৃষকে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ DDC নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.