ETV Bharat / bharat

গাজীপুৰৰ প্ৰতিবাদস্থলীত ৰঙৰ উৎসৱ উদযাপন কৰিলে কৃষকে - কপালত মাটিৰে তিলক

আপোনজনক হেৰুওৱাৰ বিষাদ, কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিল নকৰাৰ ক্ষোভৰ মাজতে গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত উদযাপন কৰা হ'ল ৰঙৰ উৎসৱ । ক্ষন্তেকৰ বাবে নিজৰ সমস্যাবোৰ একাষৰীয়া কৰি গীত-নৃত্য পৰিৱেশন কৰিলে কৃষকসকলে । ৰাজস্থান-হাৰিয়ানা সীমান্তৰ শ্বাহজানপুৰত আবিৰৰ পৰিৱৰ্তে কপালত মাটিৰে তিলক লগাই পৰম্পৰা ৰক্ষা কৰিলে কৃষকে ।

গাজীপুৰৰ প্ৰতিবাদস্থলীত ৰঙৰ উৎসৱ উদযাপন কৃষকৰ

author img

By

Published : Mar 29, 2021, 3:29 PM IST

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰে সংশোধন আৰু প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে গাজীপুৰ সীমান্তত ফাকুৱা উদযাপন কৰিলে কৃষকসকলে । এই অনুষ্ঠানত অংশ লৈ ভাৰতীয় কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকেইতে কৃষি আইন বাতিল কৰিবলৈ চৰকাৰক পুনৰ আহ্বান জনায় । দীপাৱলীৰ পিছত কৃষকৰ সকলো সমস্যা সমাধান হ'ব বুলি আশাবাদী মুখপাত্ৰগৰাকী ।

লগতে তেওঁ কয় যে, ফাকুৱাৰ সময়ত পৰিয়ালৰ পৰা আঁতৰত থাকি ভাল নালাগে । ৰাকেশ টিকেইতৰ পত্নী সুনীতা দেৱীকো কৃষকসকলৰ সৈতে ফাকুৱা উদযাপন কৰা দেখা গৈছিল । আন এগৰাকী কৃষকে কয় যে, তেওঁলোকৰ কৃষক বন্ধুসকল গাজীপুৰ প্ৰতিবাদস্থলীত থকা বাবে তাতেই তেওঁলোকে ৰঙৰ উৎসৱ উদযাপন কৰিছে । তেওঁ কয় যে, প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰওৱা ৩০০ৰো অধিক গৰাকী কৃষকৰ স্মৃতিতো এই ৰঙৰ উৎসৱটি পালন কৰা হৈছে ।

তেওঁ কয় যে, তেওঁলোকে ছম্বল আৰু বাদাউনৰ পৰম্পৰাগত গীত গাই আছে । কৃষকগৰাকীয়ে লগতে কয় যে, তেওঁ নিজৰ পৰিয়ালৰ সৈতে ফাকুৱা উদযাপন কৰিব পৰা নাই আৰু এয়া দুৰ্ভাগ্যজনক । কিন্তু এনেধৰণৰ কথাই কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত থকা প্ৰতিবাদৰ জোৱাৰ হ্ৰাস কৰিব নোৱাৰে । ইফালে, ৰাজস্থান-হাৰিয়ানা সীমান্তৰ শ্বাহজানপুৰত আবিৰৰ পৰিৱৰ্তে কপালত মাটিৰে তিলক লগাই পৰম্পৰা ৰক্ষা কৰিলে কৃষকে ।

তেওঁলোকে দেওবাৰে হোলিকা দহন উপলক্ষে কৃষকৰ স্বাৰ্থ বিৰোধী তিনিখন কৃষি আইনৰ প্ৰতিলিপি জ্বলাইছিল । ছম্যুক্ত কৃষক মৰ্চাৰ আহ্বানত কৃষকসকলে তিনিওখন কৃষি আইনৰ প্ৰতিলিপি দাহ কৰে আৰু এই আইন বাতিল কৰাৰ দাবী জনায় । উল্লেখ্য যে, কৃষকসকলে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে ।

লগতে পঢ়ক:পৰিয়ালক আচৰিত কৰি তিনিমাহৰ পাচত ঘৰলৈ উভতিল 'মৃত' ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.