নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : হাৰিয়ানাৰ পঞ্চকুলাত কৃষকৰ ৩ দিনীয়া প্ৰতিবাদৰ সামৰণি পৰিল । হাৰিয়ানাৰ ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়ক সাক্ষাৎ কৰাৰ পাছতে কৃষক সংগঠনে প্ৰতিবাদ সমাপ্ত কৰাৰ কথা ঘোষণা কৰে । ৰাজ্যপালক সাক্ষাৎ কৰি কৃষকসকলে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰু বৰ্তমানৰ বাবে প্ৰতিবাদৰ সামৰণিৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে কৃষকসকলে প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকৰ নিজৰ নিজৰ ঘৰলৈ ৰাওনা হৈছে । ইফালে ১১ ডিচেম্বৰত হিছাৰত পুনৰ এখন বৃহৎ সভা অনুষ্ঠিত হ'ব বুলিও উল্লেখ কৰে সংযুক্ত কিষাণ মৰ্চাই । পৰৱৰ্তী সিদ্ধান্তও সেই বৈঠকতে লোৱা হ'ব । আনহাতে সেই বৈঠকত দিল্লীলৈ এক পদযাত্ৰা আয়োজন কৰাৰ কথা ঘোষণাৰো সম্ভাৱনা আছে ।
ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়ক স্মাৰকপত্ৰ প্ৰদান কৰি কৃষক নেতা ৰত্নমান সিঙে কয় যে ৭২ ঘণ্টাৰ প্ৰতিবাদৰ অন্তত কৃষকৰ প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰে । কৃষকসকলৰ এটা ২১ জনীয়া প্ৰতিনিধি দলে শ্ৰমিক আৰু কৃষকসকলৰ হৈ ৰাজ্যপালক সাক্ষাৎ কৰে । ৰাজ্যপালে তেওঁলোকক আশ্বাস দিছে যে কৃষকসকলৰ সকলো দাবী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব ।
ইফালে কৃষক নেতা সুৰেশ কৌথে কয় যে প্ৰতিবাদী কৃষকসকলে মোদী চৰকাৰক স্পষ্ট সতৰ্কবাণী দিব বিচাৰে যে এই দেশ সকলোৰে । তেওঁলোকৰ দাবীসমূহ মানি নল'লে অনাগত দিনত তীব্ৰ আন্দোলন কৰা হ'ব বুলিও কৃষক নেতাগৰাকীয়ে সকীয়াই দিয়ে । তেওঁ কয় যে এমএছপিৰ অৰ্থ হৈছে উপাৰ্জনৰ গ্যেৰাণ্টি আৰু ইয়াক কৃষকক দিয়া উচিত ।
ৰত্নমান সিঙে দাবীসমূহৰ কথা উল্লেখ কৰি কয় যে লখিমপুৰ খেৰী গোচৰত ন্যায় প্ৰদান কৰা উচিত, আটক কৰা কৃষকসকলক মুকলি কৰি দিব লাগে । এমএছপি সম্পৰ্কে এখন সমিতি গঠন কৰাৰ কথা আছিল, য'ত কৃষক নেতাসকলকো অন্তৰ্ভুক্ত কৰাৰ কথা আছিল কিন্তু কৃষক নেতাসকলক সমিতিত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
লগতে পঢ়ক :দ্বিতীয় দিনাও মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত