ETV Bharat / bharat

দিল্লী অভিমুখী 2 লাখ কৃষকঃ বাধা দিবলৈ সষ্টম আৰক্ষী

author img

By

Published : Nov 25, 2020, 8:11 PM IST

পঞ্জাৱ আৰু হাৰিয়ানাৰ শ শ কৃষকে 'দিল্লী চ'লো' শ্ল'গানেৰে দিল্লীৰ অভিমুখী যাত্ৰাৰ বাবে সাজু হৈছে ৷ তিক্ষ্ন দৃষ্টি ৰাখিছে পঞ্জাৱ, হাৰিয়ানাৰ লগতে দিল্লীৰ আৰক্ষীয়ে ৷ ইতিমধ্যে এই আন্দোলনৰ নেতৃত্ব বহন কৰা 100 জন কৃষকক প্ৰতিৰোধমূলক আইনৰ অধিনত নিজৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে ৷

farmers bill protest at delhi
দিল্লী অভিমুখী 2 লাখ কৃষকঃ বাধা দিবলৈ সষ্টম আৰক্ষী

নিউজ ডেস্ক, 25 নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গৃহীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে এতিয়াও দেশত প্ৰতিবাদ অব্যাহত আছে ৷ বিগত দিনবোৰত দেশত এই কৃষি আইন বিৰোধী আন্দোলন ক্ৰমাৎ শক্তিশালী ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷

কিয়নো পুনৰ এক শক্তিশালী কৃষক আন্দোলনৰ সাক্ষী হ'বলৈ গৈ আছে দেশৰ ৰাজধানী দিল্লী ৷ ইতিমধ্যে পঞ্জাৱ আৰু হাৰিয়ানাৰ শ শ কৃষকে 'দিল্লী চ'লো' শ্ল'গানেৰে দিল্লী অভিমুখী যাত্ৰাৰ বাবে সাজু হৈছে ৷ লগতে এই প্ৰতিবাদী কৃষক সকলে দেশৰ ৰাজধানীত এক বৃহৎ কৃষক আন্দোলন ৰূপায়ন কৰাৰ সকিয়নি প্ৰদান কৰিছে ৷

26 নৱেম্বৰত দিল্লীত ৰূপায়ন কৰিব লগীয়া কৃষকৰ এই প্ৰতিবাদক দেশৰ 33 টা সংগঠনৰ লগতে 470 টাৰো অধিক কৃষক সংঘই সমৰ্থন আগবঢ়াইছে ৷ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা অনুসৰি পঞ্জাৱৰ প্ৰায় দুই লাখ কৃষকে 'দিল্লী চ'লো' আন্দোলনৰ অংশ হিচাপে দিল্লীলৈ ৰাওনা হ'বলৈ সাজু হৈছে ।

ইফালে, এই আন্দোলনে যাতে কোনো ধৰণৰ হিংসাত্মক ৰূপ নলয় তেনে ক্ষেত্ৰত তীক্ষ্ন দৃষ্টি ৰাখিছে পঞ্জাৱ, হাৰিয়ানাৰ লগতে দিল্লীৰ আৰক্ষীয়ে ৷ জানিব পৰা মতে হাৰিয়ানাৰ প্ৰশাসনে আইন শৃংখলা জনিত কাৰণত ইতিমধ্যে 144 ধাৰা জাৰি কৰিছে ৷ ইয়াৰ লগতে এই আন্দোলনৰ নেতৃত্ব বহন কৰা 100 জন কৃষকক প্ৰতিৰোধমূলক আইনৰ অধিনত নিজৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে ৷

ইয়াৰ সমান্তৰালভাৱে কৃষকৰ এই 'দিল্লী চ'লো' যাত্ৰাৰ শক্তিক প্ৰতিৰোধ কৰিবৰ বাবে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে কেইবাটাও দিল্লী অভিমুখী পথ বন্ধ কৰি ৰাখিছে ৷ তদুপৰি দিল্লী আৰক্ষীয়েও এই আন্দোলনৰ বাবে অনুমতি প্ৰদান কৰাৰ পৰা আতৰত আছে ৷

ভাৰতীয় কৃষক সংঘৰ সভাপতি বুটা সিং ৰ্বাজগিলে কয় যে কেন্দ্ৰীয় চৰকাৰে এই আইন বাতিল নকৰা লৈকে এই প্ৰতিবাদ অব্যাহত থাকিব ৷ 'দুই লাখ কৃষকৰ উপস্থিতিৰ মাজত দিল্লীত এয়া এক ঐতিহাসিক আন্দোলন হ'ব '। এই প্ৰতিবাদৰ পৰা কৃষক সকল আধা ইঞ্চিও উভতি নাযায় বুলি সকিয়াই দিছে ৰ্বাজগিলে ৷

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষক আইন হৈছে The Farmers' produce Trade and Commerce bill 2020, The Farmers Agreement of Price Assurence and Farm Services Bill 2020, The essential Commodities bill (Amendment) 2020 ৷ এই আইনৰ জৰিয়তে কৃষি সামগ্ৰীৰ বৃহৎ ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি কৃষিখণ্ডৰ ব্যক্তিগতকৰণ, কৃষি সামগ্ৰীৰ দাম বৃদ্ধিৰ স্বাৰ্থত কৃৃত্ৰিম নাটনি সৃষ্টিৰ হোৱাৰ শংকাত ভুগিছে কৃষক সকল ৷

লগতে পঢ়কঃনতুন দিল্লীৰ মায়াপুৰীত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.