ETV Bharat / bharat

আজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Dec 5, 2020, 1:29 PM IST

আজি দিনৰ 2 বজাত কৃষকসকলে কেন্দ্ৰীয় নেতৃত্বৰে এখন বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত কৃষকসকলে নিজৰ ক্ষোভ ত্যাগ কৰি ধনাত্মক সহাঁৰি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ৷

Farmers' protest: 5th round of talks between farmers, Centre to be held today
আজি দিল্লীত কৃষকসকলৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰঃ কৃষি বিধেয়ক, 2020 কলৈ নতুন দিল্লীত অব্যাহত কৃষকসকলৰ প্ৰতিবাদে ভৰি দিছে দশমটো দিনত ৷ এই প্ৰতিবাদকলৈ শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত অনুষ্ঠিত কৰা হৈছে এক বৈঠক ৷ এই বৈঠকত বিত্তমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী উপস্থিত থাকে ৷

Farmers' protest: 5th round of talks between farmers, Centre to be held today
প্ৰতিবাদকাৰীল কৃষক

আজি দিনৰ 2 বজাত কৃষকসকলে কেন্দ্ৰীয় নেতৃত্বৰে এখন বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত কৃষকসকলে নিজৰ প্ৰতিবাদ ত্যাগ কৰি ধনাত্মক সহাঁৰি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰৰ সৈতে চতুৰ্থ স্তৰৰ বৈঠকত মিলিত হৈছিল কৃষকসকল ৷ আৰু এই বৈঠকতে চৰকাৰক আইনখনত কিছু সাল-সলনি কৰাৰ বাবে দাবী উত্থাপন কৰে কৃষকসকলে ৷ আনহাতে, বিগত 1 ডিচেম্বৰতো কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয় আৰু অন্য নেতাৰে চাহ বৈঠকৰ প্ৰস্তাৱক নাকচ কৰে কৃষকসকলে ৷ তেওঁলোকে কয়, আমি ইয়াত চৰকাৰৰ আগত নিজ অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহিছো চাহ খাবলৈকে নহয় ৷

উল্লেখ্য যে, কৃষকসকলে তীৰ্কীৰ দিল্লী-হাৰিয়ানা সীমান্তত কেম্প স্থাপন কৰি নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ গৌতম বুদ্ধ দ্বাৰত কৃষকৰ প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা অত্যাধিক ট্ৰাফিকৰ বাবে ইতিমধ্যে নয়ডা লিংক ৰোড বন্ধ কৰি দিয়া হৈছে ৷

লেবাৰ পাৰ্টীৰ তমনজিত সিং ধেসীৰ নেতৃত্বত ইংলেণ্ডৰ বিভিন্ন দলৰ 36 গৰাকী সাংসদৰ এটা দল; ভাৰতত চলি থকা এই কৃষক বিদ্ৰোহৰ সমৰ্থনত আগবাঢ়ি আহিছে ৷ এই দলটোৱে বৃটিছ বৈদেশিক সচিব ডমিনিক ৰাবক নতুন দিল্লীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে অনুৰোধ জনায় ৷ শেহতীয়াকৈ ভাৰতীয় কৃষকসকল শোষণ কৰিব বিচৰা এই আইনখন উঠাই লোৱাৰ বাবে ভাৰত চৰকাৰক জোৰ দিয়াৰ বাবে ডমিনিক ৰাবক আহ্বান জনায় সংসদৰ দলটোৱে ৷

লগতে পঢ়ক-অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.