ETV Bharat / bharat

ৰাজধানী বিবাদ : অন্ধ্ৰ প্ৰদেশত চতুৰ্থ দিনাও অব্যাহত কৃষকৰ 'মহা পদযাত্ৰা'

author img

By

Published : Nov 4, 2021, 12:21 PM IST

এখন ৰাজ্য এখন ৰাজধানীৰ দাবীৰে অন্ধ্ৰ প্ৰদেশত অব্যাহত আছে কৃষকৰ 'মহা পদযাত্ৰা' । অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ তিনিখন ৰাজধানী গঠনৰ বিষয়ে ঘোষণা কৰাৰ পাচতে ৰাজ্যখনত প্ৰতিবাদৰ জুই জ্বলিছে । অমৰাৱতীকে একমাত্ৰ ৰাজধানী হিচাপে ৰখাৰ দাবী জনাইছে কৃষকসকলে ।

Mahapadayatra
অন্ধ্ৰ প্ৰদেশত চতুৰ্থ দিনাও অব্যাহত কৃষকৰ মহাপদযাত্ৰা

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : ৰাজধানী গঠনক লৈ আৰম্ভ হোৱা বিবাদে উত্তপ্ত কৰি তুলিছে অন্ধ্ৰ প্ৰদেশ । ৰাজপথলৈ ওলাই আহিছে কৃষক, মহিলাসকল । বৃহস্পতিবাৰে চতুৰ্থ দিনাৰ বাবে 'মহা পদযাত্ৰা' অব্যাহত ৰাখিলে প্ৰতিবাদী কৃষকসকলে । কেৱল অমৰাৱতীৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ বিৰোধিতা কৰিছে কৃষকসকলে । লগতে ৰাজ্য চৰকাৰৰ তিনিখন ৰাজধানী গঠনৰ সিদ্ধান্তৰো বিৰোধিতা কৰিছে ।

ৱাই এছ আৰ চি পি চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যবাসী । সেয়ে, যোৱা ১ নৱেম্বৰৰ পৰা অমৰাৱতী যুটীয়া কাৰ্য সমিতিৰ উদ্যোগত কৃষকসকলে এই প্ৰতিবাদী কাৰ্যসূচী 'মহা পদযাত্ৰা' আৰম্ভ কৰিছে । অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ সমীপৰ পৰা 'মহা পদযাত্ৰা' আৰম্ভ কৰা হৈছে । পৰৱৰ্তী ৪৫ দিনৰ বাবে দৈনিক ১০-১৫ কিলোমিটাৰ খোজ কাঢ়িব এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৃষক আৰু মহিলাসকলে ।

এই 'মহা পদযাত্ৰা'ত গুণ্টুৰ, প্ৰকাশম, নেল্লোৰ আৰু চিট্টোৰ জিলাৰ ৭০ খন গাওঁ সামৰি লোৱা হ'ব আৰু ১৭ ডিচেম্বৰত তিৰুপতিত সমাপ্ত হ'ব ।

'মহা পদযাত্ৰা'ত বহু সংখ্যক কৃষক, মহিলা আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাই অংশগ্ৰহণ কৰে । আনহাতে, তেলেংগানাৰ কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়েও কাৰ্যসূচীত কৃষকসকলক সমৰ্থন কৰে । কৃষক আৰু মহিলাসকলে 'মহা পদযাত্ৰা' আৰম্ভ কৰাৰ আগতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰো আয়োজন হয় ।

চৰকাৰৰ বাহিৰে টিডিপি, কংগ্ৰেছ, চিপিআই, চিপিএম আদি সকলো ৰাজনৈতিক দলৰ নেতা আৰু কৃষক সংঘই এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে । উল্লেখ্য যে, ২০১৯ চনত শাসনলৈ অহাৰ পাচতে ৱাই এছ আৰ চি পি চৰকাৰে প্ৰশাসনিক ৰাজধানী বিশাখাপট্টনমলৈ আৰু ন্যায়িক ৰাজধানী কুৰ্ণোললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল । আনহাতে, অমৰাৱতীক কেৱল আইনী ৰাজধানী হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল । কিন্তু চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ ব্ৰোধিতা কৰিছে কৃষকসকলে ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.