নিউজ ডেস্ক, 13 মাৰ্চ: তামিলনাডুত আৰক্ষীয়ে কুৰুমপট্টিত গ্ৰেপ্তাৰ কৰিছে এগৰাকী 71 বছৰীয়া কৃষকক (Farmer arrest in Tamilnadu)৷ তেওঁক কোনো প্ৰতিবাদ কৰা বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ তেওঁৰ বিৰুদ্ধে আছে 21 টাকৈ হত্যাৰ অভিযোগ (Allegation of murder against farmer)৷ যাৰ বাবে তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে কৃষকজনক ৷ 21 টাকৈ হত্যাৰ গোচৰত অভিযুক্ত এই কৃষকজনে অৱশ্যে কোনো মানুহ হত্যা কৰা নাই ৷ তেওঁৰ কাহিনীটো কিছু পৃথক আৰু দুৰ্ভাগ্যজনক ৷
এটুকুৰা মাটি লীজত লৈ খেতি কৰিছিল চানমুগাম নামৰ কৃষকজনে ৷ কিন্তু এন্দুৰে বৰকৈ অনিষ্ট কৰে তেওঁৰ খেতিডৰা ৷ উপায়হীন হৈ পৰিছিল কৃষকজন ৷ অৱশেষত তেওঁ চিন্তা কৰি উলিয়ালে এটা উপায় ৷ এন্দুৰৰ উপদ্ৰৱৰ পৰা খেতি ৰক্ষা কৰিবলৈ তেওঁ ল’লে এক বিশেষ ব্যৱস্থা ৷ কেক জাতীয় খাদ্যৰ টুকুৰাত নিগনি মৰা ঔষধ মিহলাই তেওঁ সেই সমূহ চটিয়াই দিলে নিজৰ খেতিডৰাত ৷ কিন্তু তেওঁ জনা নাছিল সেই উপায়ে বিপদ মাতিব তেওঁৰ নিজলৈ ৷
চানমুগামৰ খেতিডৰাৰ কাষতে আছিল ময়ুৰ চৰাই ৷ খাদ্যৰ সন্ধানত খেতি পথাৰলৈ অহা ময়ুৰ চৰাইৰ এটা জাকে ভক্ষণ কৰিলে বিহ মিহলোৱা কেকৰ টুকুৰাবোৰ ৷ বিষাক্ত কেক খোৱাৰ ফলত মৃত্যুমুখত পৰে 21 টাকৈ ময়ুৰ পক্ষী (Peacock died of consuming poisonous cack) ৷
এই ঘটনা কৃষকজনৰ অজ্ঞাতে সংঘটিত হয় যদিও, খাদ্যত বিহ মিহলাই খেতিপথাৰত চটিয়াই থোৱাৰ বাবে সমস্ত দোষ তেওঁৰ ওপৰতেই আহি পৰে ৷ আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ৰ অধীন গ্ৰেপ্তাৰ কৰে 71 বৰ্ষীয় কৃষকজনক ৷
লগতে পঢ়ক : অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত