ETV Bharat / bharat

Maharashtra political crisis: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ওপৰত টুইট কৰিলে ফাৰাহ খানে - মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট সন্দৰ্ভত ফাৰাহ খানে তেওঁৰ মতামত টুইট কৰিছে (Maharashtra political crisis) । তেওঁ এই সমগ্ৰ ৰাজনৈতিক নাটকখনৰ ওপৰত খং প্ৰকাশ কৰি নিজৰ মতামত আগবঢ়াইছে ৷

Maharashtra political crisis
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ওপৰত টুইট কৰিলে ফাৰাহ খানে
author img

By

Published : Jun 23, 2022, 9:52 PM IST

চিটাৰা ডেক্স, 23 জুন : বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাই সমগ্ৰ দেশতে অস্থিৰতাৰ সৃষ্টি কৰিছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহ এৰি যোৱাৰ পিছত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈছে । সামাজিক মাধ্যমতো বহুতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনসাধাৰণে ।

প্ৰবীণ অভিনেতা সঞ্জয় খানৰ জীয়ৰী ফাৰাহ খান আলীয়েও এই বিষয়টোক লৈ এক শক্তিশালী টুইটযোগে নিজৰ মত উত্থাপন কৰিছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ফাৰাহ খানৰ টুইটৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

  • I don’t understand politics but whn people elect a person it’s because of who that person represents. If that person defects after winning than that’s against the process of democracy bec he was elected as he represented a certain party & ideology.That means our votes don’t count

    — Farah Khan (@FarahKhanAli) June 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট সন্দৰ্ভত ফাৰাহ খানে টুইটত উল্লেখ কৰে যে, "মই ৰাজনীতি বুজি নাপাওঁ, কিন্তু যেতিয়া মানুহে এজন ব্যক্তি বাছনি কৰে, সেই ব্যক্তিজনে কি প্ৰতিনিধিত্ব কৰে তাৰ ওপৰত ভিত্তি কৰিয়েই বাচনি কৰে ৷ যদি সেই ব্যক্তিজন জয়ী হোৱাৰ পিছত সেই দলৰ পৰা পৃথক হয়, তেন্তে তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰোধী, কিয়নো তেওঁ এটা নিৰ্দিষ্ট দল আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিল । ইয়াৰ অৰ্থ হৈছে আমাৰ ভোটৰ কোনো গুৰুত্ব নাই" ৷

মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা বাঢ়ি গৈ আছে । একে সময়তে বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ সংখ্যাও বাঢ়ি গৈ আছে । বৰ্তমানলৈকে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে দুৰ্বল বুলি প্ৰমাণিত হৈছে । শেহতীয়া তথ্য অনুসৰি, বিদ্ৰোহী নেতা একনাথ সিন্দেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ এখন মুকলি পত্ৰ লিখিছে । এই পত্ৰখনৰ জৰিয়তে তেওঁ বহুতো অভিযোগ উত্থাপন কৰিছে ।

বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ সিন্দেৰ সৈতে গুৱাহাটীত উপস্থিত থকা সকলো বিধায়কে একেলগে বহি শিৱসেনা জিন্দাবাদ, বালাচাহেব ঠাকৰেৰ জয়ৰ শ্ল'গান দি আছে (Maharashtra political crisis) । ইয়াত বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ লগতে নিৰ্দলীয় সকলৰ সৈতে মুঠ 46 গৰাকী বিধায়ক অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক: ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ শোৱিকৰ বিৰুদ্ধে NCBয়ে দাখিল কৰিছে চাৰ্জশ্বীট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.