ETV Bharat / bharat

IPL 2023 : IPL অনুৰাগীয়ে বিচাৰে বিৰাট কোহলীৰ বেটত ৰাণ: গাভাস্কাৰ - IPL 2023 RCB vs DC match

আজি 'ছুপাৰ ছেটাৰডে'ত আৰচিবিয়ে দিল্লী কেপিটেলছ আৰু এলএছজিয়ে পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । এইবাৰৰ আইপিএলত সম্পূৰ্ণ ফৰ্মত আছে বিৰাট কোহলি (IPL 2023) । তেওঁৰ বেটত ৰাণ পোৱাটো কেৱল আৰচিবিয়েই নহয়, অন্য দলৰ আইপিএল অনুৰাগীসকলেও বিচাৰে । এই মন্তব্য সুনীল গাভাস্কাৰৰ ।

Virat Kohli
Virat Kohli
author img

By

Published : Apr 15, 2023, 2:02 PM IST

স্পৰ্টছ ডেস্ক, ১৫ এপ্ৰিল : আইপিএল জ্বৰত আক্ৰান্ত এতিয়া দেশবাসী (Indian Super league 2023) । আইপিএলৰ মেচৰ সংখ্যা যিমানেই আগবাঢ়িছে সিমানেই দেখা গৈছে টি-২০ খেলৰ ৰোমাঞ্চ, শিহৰণ, মাদকতা । চলিত ছিজনৰ আইপিএলতো ইতিমধ্যে অনুষ্ঠিত হৈছে কেইবাখনো শ্বাসৰুদ্ধকাৰী মেচ (IPL 2023) । আজি 'ছুপাৰ ছেটাৰডে'ত অনুষ্ঠিত হ'ব দুখনকৈ মেচ (IPL super saturday) । শনিবাৰে আইপিএলত দৰ্শকে দুখনকৈ শ্বাসৰুদ্ধকাৰী মেচৰ সাক্ষী হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে ।

প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰচিবি) দিল্লী কেপিটেলছৰ (ডিচি) মুখামুখী হ'ব (IPL 2023 RCB vs DC match) । আনহাতে, আনখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে (এলএছজি) পঞ্জাব কিংছৰ (পিবিকেএছ) বিৰুদ্ধে ঘৰুৱা খেলপথাৰত অৱতীৰ্ণ হ'ব (IPL 2023 LSG vs PBKS) । আৰচিবিৰ বাবে এই মুহূৰ্তত এটা ভাল কথা যে দলটোৰ মূল বেটিং ভিত্তি বিৰাট কোহলীয়ে এইবাৰ আইপিএলত বেটিং কৰাৰ ধৰণ । চলিত ছিজনত এক ইতিবাচক মনোভাবেৰে কোহলিৰ বেটিং হৈছে ফ্ৰেঞ্চাইজিটোৰ বাবে এটা ডাঙৰ ইতিবাচক দিশ ।

আনহাতে, এইবাৰৰ আইপিএলৰ অন্তিম চাৰিত আৰচিবিয়ে প্ৰৱেশৰ পূৰ্বানুমানো কৰা হৈছে । ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে বিশ্বাস কৰে যে কোহলিৰ খেলৰ প্ৰদৰ্শনে আৰচিবিৰ আইপিএল, ২০২৩-ৰ শীৰ্ষ চাৰিটা স্থানত প্ৰৱেশৰ সম্ভাৱনা বৃদ্ধি কৰিব (Sunil Gavaskar comments on Kohli in IPL 2023) ।

ষ্টাৰ স্পৰ্টছৰ ক্ৰিকেট লাইভ শ্ব'ত বক্তব্য ৰাখি সুনীল গাভাস্কাৰে এই সন্দৰ্ভত কয়, "এই বছৰ আৰচিবিৰ দাবী বিৰাট কোহলিৰ ওপৰত । যদি তেওঁ প্ৰতিখন মেচতে ভাল খেলে, তেন্তে আৰচিবিৰ জয়ৰ সম্ভাৱনা বৃদ্ধি হয় । বিৰাট এগৰাকী বহু ডাঙৰ ছুপাৰষ্টাৰ । তেওঁ কেৱল আৰচিবিৰে নহয়, কিন্তু প্ৰতিটো দলৰ অনুৰাগীয়ে তেওঁৰ বেটৰ পৰা ৰাণ অহাটো চাব বিচাৰে ।"

আনহাতে, এইবাৰৰ বিশ্বকাপত বৰ্তমানলৈকে দিল্লী কেপিটেলছৰ প্ৰদৰ্শনক লৈ সকলো হতাশ । এতিয়ালৈকে খেলা চাৰিখন মেচৰ চাৰিওখনতে দিল্লীয়ে পৰাজয়বৰণ কৰিবলগীয়াটো দুৰ্ভাগ্যজনক । "চলিত আইপিএল, ২০২৩-ত দিল্লী কেপিটেলছৰ বেটিং প্ৰদৰ্শন এটা অতি দুৰ্বল দিশ হৈ পৰিছে । চাৰিখন মেচত অধিনায়ক ডেভিদ ৱাৰ্ণাৰৰ দলটোৱে জয়বিহীনভাৱে থাকিবলগা হৈছে । কিন্তু প্ৰতিযোগিতাখনত ষ্ট্ৰাইক ৰেটৰ বাবে সমালোচিত হোৱা ৱাৰ্ণাৰ দিল্লী ফ্ৰেঞ্চাইজিৰ বাবে বেটিঙৰ ক্ষেত্ৰত একমাত্ৰ যোদ্ধা আছিল ।" ভাৰতৰ প্ৰাক্তন পেচাৰ এছ শ্ৰীশান্তে অষ্ট্ৰেলিয়াৰ জ্যেষ্ঠ ক্ৰিকেটাৰজনক বেটেৰে ভাল প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁৰ সমালোচকসকলক নীৰৱ কৰিবলৈ সমৰ্থন জনাই এনেদৰে কয় ।

ষ্টাৰ স্প'ৰ্টছৰ ক্ৰিকেট লাইভ শ্ব'ত শ্ৰীশান্তে কয়, "ডেভিদ ৱাৰ্ণাৰৰ বাবে ৰাণৰ ক্ষুধা কেতিয়াও মাৰ নাযায় । তেওঁ এজন অসাধাৰণ অষ্ট্ৰেলিয়ান । তেওঁ সদায়ে ক্ৰিকেট পিটছত আধিপত্য বিস্তাৰ কৰিবলৈ সংকল্পবদ্ধ । মই তেওঁক বলিং কৰি ভাল পাইছিলোঁ । কিয়নো বল কৰিবলৈ আটাইতকৈ কঠিন বেটছমেনসকলৰ মাজৰ তেওঁ এজন ।" উল্লেখ্য 'ছুপাৰ ছেটাৰডে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচত এলএছজিৰ অধিনায়ক কে এল ৰাহুলে তেওঁৰ পূৰ্বৰ ফ্ৰেঞ্চাইজি পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :IPL 2023 Updates: 23 ৰাণত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ; হেৰী ব্ৰুকৰ শতকেৰে হায়দৰাবাদৰ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.